Posts

Showing posts from August, 2020

চিলিণ্ডাৰ গ্ৰাহকলৈ সুখবৰ! প্ৰতিটো চিলিণ্ডাৰত ৫০০ টকাৰ কেচবেক! সকলো কোম্পানীৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত এই সুবিধা লাভ কৰিব

Image
31/08/2020 এটা চিলিণ্ডাৰ কিনাৰ পাছত গ্ৰাহকে ঘূৰাই পাব ৫০০ টকা। ৩০ ছেপ্তেম্বৰলৈকে এই সুবিধা লাভ কৰিব পাৰিব গ্ৰাহকে। দেশৰ আগশাৰীৰ অনলাইন বজাৰ PAYTMএ গ্ৰাহকৰ বাবে মুকলি কৰিছে এই সুবিধা। যিসকলে প্ৰথমবাৰৰ বাবে এনে প্ৰক্ৰিয়াৰে বুকিং কৰে তেওঁলোকে এই সুবিধা লাভ কৰিব। তিনিদিনৰ ভিতৰত আপুনি উভতাই পাব ৫০০ টকা। সকলো কোম্পানীৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত এই সুবিধা লাভ কৰিব। কিন্তু কেনেকৈ লাভ কৰিব এই সুবিধা। প্ৰথমে PAYTM এপত বুক চিলিণ্ডাৰ অপশ্বনটোত ক্লিক কৰিব লাগিব। যদিহে দেখা নাপায় SHOW MORE অপশ্বনত ক্লিক কৰিব লাগিব। ইয়াৰ পাচতেই গেছ প্ৰভাইদাৰ কোম্পানীৰ নাম বাছনি কৰিব লাগিব। আপোনাৰ ৰেজিষ্টাৰ্ড আই ডি অথবা ফোন নম্বৰ দিব লাগিব। তাৰ পাছতে প্ৰচেছ অপশ্বনত ক্লিক কৰিব লাগিব। আপোনাৰ নামৰ সৈতে সকলো ঠিকনা স্ক্ৰীনত দেখা পাব। যিকোনো কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে আপুনি মূল্য আদায় দিব পাৰিব। পেমেণ্ট কৰাৰ পূৰ্বে FIRSTLPGত ক্লিক কৰিব লাগিব। ইয়াৰ পৰা যি প্ৰম' ক'ড লাভ কৰিব তাৰ ভিত্তিতেই ৫০০ টকাৰ কেচবেক কৰা হ'ব।

অসহায় আব্দুল কদ্দুছৰ কৰুণ কাহিনী, জীয়াই থাকিবলৈ ঘৰ বিচাৰি আবেদন

Image
জীৱনটো শিক্ষাগ্ৰহণ আৰু শিক্ষাদানৰ লগত জড়িত হাফিজ আব্দুল‌ কুদ্দুছক আপোনাৰ সহায়ৰ প্ৰয়োজন হৈছে। আপোনাৰ সহায়ে এটা পৰিয়ালত আনন্দৰ হাঁহি ফুটাব পাৰে। দিৰ্ঘদিনীয়া লকডাউনৰ ফলত কৰ্ম সংস্থাপন হেৰুৱাই ৫ জন সন্তানক লৈ অনাহাৰত বৰ কষ্টৰে দিন কটাবলগীয়া হৈছে। হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত" জুটাং বস্তি" গাঁৱৰ  মৃত বচিৰ উদ্দিনৰ পুত্ৰ ৬০ বছৰীয়া হাফিজ আব্দুল কদ্দুছ লকডাউনৰ ফলত কৰ্ম সংস্থাপন নথকাত ৫ জন সন্তানক লৈ বৰ কষ্টৰে দিন পাৰ কৰি আছে।  প্ৰসৰ ৰ'দ-বৰষুণত সন্তানক লৈ জূপুৰী ঘৰখনতে থকা ব্যক্তিজনক এখন ঘৰ নিৰ্মান কৰি দিলে শান্তিতে থাকিব পাৰিব। দুখীয়া ব্যক্তিজনে আজিলৈ কোনো ধৰণৰ চৰকাৰী আচনি পোৱা নাই। আমাৰ সাংবাদিকৰ মোবাইল কেমেৰাত বন্ধিকৰা দৃশ্যখিনি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ  দৃষ্টিগোচৰ কৰিলো। গতিকে ব্যক্তিজনে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক এখন ঘৰ নিৰ্মান কৰি দিয়াৰ বাবে আমাৰ চেনেলৰ যোগেতি কাতৰ অনুৰোধ জনাইছে। আনহাতে বিভিন্ন দল সংগটৰ ওপৰিও মৌলানা বদৰ উদ্দিন আজমল আৰু মৌলানা মস্তাক আনফৰক সহায়ৰ বাবে কাতৰ অনুৰোধ জনাইছে। হোজাইৰ পৰা আব্দুল কাদিৰৰ ৰিপোৰ্ট- ASSAM LIVE 24

বিটিচিত চলি থকা হত্যাকাণ্ডৰ বিৰুদ্ধে মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ বাক্সা জিলা আমছুৰ

Image
#AssamLive24, গোৱৰ্ধনা, ২৭ আগষ্টঃ আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ বিটিএডিৰ লগতে বাক্সা জিলা আমছুয়ে জিলা সমিতিৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত মুখত কলা কাপোৰ বান্ধি বিটিএডি অঞ্চলত বসবাস কৰা সংখ্যালঘু জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা, বিটিএডিৰ বাসিন্দা খাইৰুল ইছলাম, আমিনুৰ ৰহমান খান , ৰহিম বাদশ্বাহ আৰু জহুৰা খাতুনৰ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰা, মৃতকৰ পৰিয়ালসমুহক ১০ লাখ টকাকৈ এক-কালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা, বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত সংখ্যালঘূ বসতি প্ৰধান অঞ্চলসমুহত  অৰ্ধ- সামৰিক বাহিনী মোতায়েন কৰি নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত  কৰা আদিৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।  প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ আমছু জিন্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, বিটিএডি প্ৰশাসন হায় হায়, হত্যা হিংসা বন্ধ কৰক, বিটিএডিত থকা অবৈধ অস্ত্ৰ জব্দ কৰক, অপৰাধীক কঠোৰ হাতেৰে দমন কৰক, সংখ্যালঘু সকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্

টীয়কৰ লাহদৈগড় আৰক্ষীৰ সফলতা: গ্ৰেপ্তাৰ ৫ মটৰ চাইকেল চোৰ

Image
  আমগুৰি, ২৪ আগষ্ট : যোৱা নিশা আৰু আজি বিয়লি যোৰহাট জিলাৰ টীয়কৰ লাহদৈগড় আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এখন স্কুটি ( As 035 /4562 ) আৰু এখন নীলা ৰঙৰ পালচাৰ ( As- 03A / B 3944) সহ ৫ টা চোৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।জানিব পৰা মতে আৰক্ষী চকীৰ সহ: উপ পৰিদৰ্শক অজিত বৰা আৰু উপ: পৰিদৰ্শক খগেশ্বৰ ডেকাৰ নেতৃত্বত চটাই ধাবা আৰু চেনিজান পশুগঁড়ৰ পৰা চুৰি হোৱা প্ৰথমে স্কুতি খন যোৰহাটৰ মহবন্ধাৰ পৰা উদ্ধাৰ কৰা লগতে পালচাৰ বাইক খন চেনিজান পশুগড়ৰ পৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তাৰে ৫ জন চোৰৰ ভিতৰত যাদৱ শইকীয়া ( তিতাবৰ) পবিত্ৰ দাস ( যোৰহাট দিগম্বৰ চুক)ৰোহন ভূঞা ( পুলিবৰ)সত্য তাঁতী ( মহবন্ধা) । তাতে পবিত্ৰ দাস আৰু প্ৰশান্ত দাস হিচাপে দিগম্বৰ চুকত থাকে যদিও তেওঁলোকৰ ঘৰ গোলাঘাটত বুলি আৰক্ষী সূত্ৰত জানিব পৰা গৈছে । উল্লেখযোগ্য যে আৰক্ষীৰ জালত পৰা অপৰাধী কেইটাৰ বয়স ২০ পৰা ২৮ ভিতৰত হোৱাই সচেতন মহলক ভবাই তুলিছে।

বানপানীক ৰাষ্ট্ৰীয় সমস্যা আৰু বানপীড়িতৰ ক্ষতিপূৰণৰ দাবীত-প্ৰধান মন্ত্ৰীলৈ আমছুৰ আঞ্চলিক সমিতিসমূহৰ স্মাৰকপত্ৰ প্ৰদান।

Image
আছাম লাইফ 24, বৰপেটাৰোড, ২৪ আগষ্টঃ ৰাজ্যত প্ৰতিবছৰে হৈ থকা প্ৰৱল বানপানীৰ ফলত প্ৰতিটো ৰাজ্যত আৰ্থিক সংকটত পৰাৰ লগতে বানপানীৰ ফলত হৈ থকা প্ৰৱল গৰাখহনীয়াই কাল হিচাপে ঠিয় দিছে চৰ-চাপৰীৰ লগতে নৈ পৰীয়া ৰাইজৰ বাবে। প্ৰতি বছৰে ভূটাৰ কুৰিশ্বো বান্ধৰ পানী এৰি দিয়াত নামনি অসমৰ প্ৰতিটো জিলাতেই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।  যাৰ বাবে হাজাৰ হাজাৰ বিঘা ভিটা মাটি আৰু কৃষি ভুমি ব্ৰহ্মপুত্ৰ, বেঁকী, মানাস, পল্লা, পহুমাৰা, ৰূপহী, মহাবাহু আদি নৈবোৰে জীৱকুলৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। এই জলন্ত সমস্যাক আমছুৰ লগতে প্ৰায়বোৰ অৰাজনৈতিক দল সংগঠনে কেন্দ্ৰীয় চৰকাৰক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰি ইয়াৰ উপযুক্ত সমাধানৰ ব্যৱস্থাৰ বাবে বাৰাম্বাৰ দাবী কৰি আহিছে যদিওঁ চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। সেয়ে আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিয়ে লোৱা সিদ্ধান্ত অনুযায়ী প্ৰতিটো জিলাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ৰ স্বাক্ষৰিত এখনকৈ স্মাৰকপত্ৰ ডাকযোগে প্ৰধান মন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। সেই নিৰ্দেশমৰ

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে

Image
সামাজিক ভাবে বিবাহ পাশত আবদ্ধ হোৱাৰ আগতেই আহিল ভালখবৰ! প্ৰথমটি সন্তানক আদৰিবলৈ সাজু তাৰকা দম্পতিটো। কৰিব জনপ্ৰিয় অভিনেত্ৰী পূজা বেনাৰ্জীয়ে। প্ৰথমটি সন্তানক আদৰিবলৈ এতিয়া সাজু হৈছে তাৰকা দম্পতিটো। -------------------------আৰু পঢ়ক-------------------------- সন্তান জন্ম হোৱাৰ পিছতে সামাজিক ভাবে বিয়াত বহিব পূজা। পূজাই কৈছে যে, বিয়াক লৈ বহু পৰিকল্পনা কৰা হৈছিল। কিন্তু কোৰোণাৰ বাবে অনুষ্ঠিত নহ’ল  বিবাহ অনুষ্ঠান। আনকি ৰেজিষ্ট্ৰেশ্যনৰ সময়তো মাতৃ উপস্থিত থাকিব নোৱাৰিলে। গতিকে সন্তান জন্ম হোৱাৰ পিছতে বিয়াত বহিব অভিনেত্ৰীগৰাকী।                         - - - আৰু পঢ়ক---- Advertisement " ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে আইনী প্ৰক্ৰিয়াৰে বিবাহ পাশত আবদ্ধ হৈছে অভিনেতা কুনাল বৰ্মাৰ সৈতে। আৰু পঢ়ক " স্বাধীনতা দিৱসৰ দিনা অভিনেত্ৰীগৰাকীয়ে নিজৰ ছচিয়েল মিডিয়া ছাইটত স্বামী কুনাল বৰ্মাৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰিছে। আৰু পঢ়ক Advertisement " পূজাই কোৱা মতে, ইতিমধ্যে ঘৰলৈ আহিবলগীয়া নতুন আলহীৰ নাম পৰ্যন্ত ঠিক কৰি ৰাখিছে তেওঁলোকে। এতিয়া অপেক্ষা কৰিছে মাত্ৰ সেই দিনটোলৈ!

প্ৰসংগঃআছুৰ নতুন ৰাজনৈতিক দল। গঠণ হ'ল "অসম পৰামৰ্শদাতা সমিতি",পিছে কোন কোন আছে এই সমিটিত?

Image
নিউজ ডেস্ক, আছাম লাইফ24ঃ-  অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ লক্ষ্যৰে শৈক্ষিক, সামাজিক, অৰ্থনৈতিক-ৰাজনৈতিক পৰিকল্পনা যুগুত কৰি সময়সাপেক্ষ পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে গঠন কৰে "অসম পৰামৰ্শদাতা সমিতি" । সমিতিখন হ'ল- উপদেষ্টা : ড° নগেন শ‌ইকীয়া, প্ৰাক্তন অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, প্ৰাক্তন সভাপতি, অসম সাহিত্য সভা ।  ড° অৰূপ কুমাৰ দত্ত পদ্মশ্ৰী, আন্তৰ্জাতিক খ্যাতিসম্পন্ন সাহিত্যিক, বিশিষ্ট গ্ৰন্থকাৰ অন্যান্য সদস্যসকল : ১) শ্ৰী ৰণজিৎ শেখৰ মুছাহাৰী প্ৰাক্তন ৰাজ্যপাল, মেঘালয়, প্ৰাক্তন সঞ্চালক প্ৰধান, সীমান্ত সুৰক্ষা বাহিনী, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ২) শ্ৰী জাহ্নু বৰুৱা আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচিত্ৰ পৰিচালক আৰু নিৰ্মাতা ৩) ড° কৃষ্ণগোপাল ভট্টাচাৰ্য (আহ্বায়ক) প্ৰাক্তন অধ্যাপক, ৰসায়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, আগশাৰীৰ প্ৰদূষণবিদ ৪) শ্ৰী বসন্ত ডেকা (আহ্বায়ক) প্ৰাক্তন সহকাৰী অধ্যাপক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, গুৱাহাটী ৫) শ্ৰী ধীৰেণ শ‌ইকীয়া প্ৰাক্তন IAS বিষয়া, প্ৰাক্তন আয়ুক্ত সচিব, ক

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কৰিব চিবিআয়ে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ – সহযোগ কৰক মুম্বাই আৰক্ষীয়ে

Image
অভিনেতা সুশান্ত সিং ৰাজপুৰত মৃত্যুৰ গোচৰক লৈ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে শুনানি। ন্যায়ালয়ে কয় যে এই গোচৰৰ তদন্ত চিবিআয়ে কৰিব। সুশান্তৰ প্ৰেমিকা আৰু এই গোচৰত সাঙোৰ খাই পৰা ৰিয়া চক্ৰৱৰ্তীয়ে নিজৰ বিৰুদ্ধে পাটনাত দাখিল কৰা এফ আই আৰ মুম্বাইলৈ ট্ৰান্সফাৰ কৰাৰ বাবে আবেদন কৰিছিল। এই আবেদন খাৰিজ কৰি ন্যায়ালয়ে এই গোচৰৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰে।  উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক লৈ মহাৰাষ্ট্র চৰকাৰে ৰিভিউ পিটিচন দাখিল কৰাৰ সম্ভাৱনা আছে। উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সদৰি কৰি কয় যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত এতিয়া চিবিআয়ে কৰিব। পাটনাত যি এফ আই আৰ দাখিল কৰা হৈছে সেয়া আইনসন্মত। এই সিদ্ধান্তৰ পিছত মহাৰাষ্ট্র চৰকাৰৰ অধিবক্তাই কয় যে আমি এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাম। এই সন্দৰ্ভত ন্যায়ালয়ে কয় যে এয়া ৩৫ পৃষ্ঠাৰ সিদ্ধান্ত। প্ৰথমে আপুনি এইখন পঢ়ক। আমি সকলো অধ্যয়ন কৰাৰ পিছতহে সিদ্ধান্ত শুনাইছো। উচ্চতম ন্যায়ালয়ে কয় যে নীতিশ চৰকাৰে এই গোচৰৰ যি চিবিআই তদন্ত বিচাৰিছিল সেয়া সঠিক আছিল। মহাৰাষ্ট্র চৰকাৰে এতিয়া তদন্তত সহযোগ কৰিব লাগিব। মুম্বাই আৰক্ষীয়ে এই সন্দৰ্ভত সকলো প্ৰমাণ চিবি

বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হোৱাত আপত্তি কিহৰঃ শিখা শৰ্মা

Image
             মই জন্ম আৰু বিবাহসূত্ৰে এগৰাকী  হিন্দু ৷ মই ব্ৰাহ্মণৰ বোৱাৰী ৷ এঘৰ ঐতিহাসিক ব্ৰাহ্মণ পৰিয়ালৰ একমাত্ৰ সন্তানৰ পত্নী ৷ জনমৰে পৰা হিন্দুৰ সকলো কাঢ়া নীতি-নিয়মেৰে লালিত পালিত ৷ তথাপিও কওঁ, যদি আজমল মুখ্যমন্ত্ৰী হয়, মই আপত্তি নকৰো বা বেয়াও নাপাওঁ ৷ সমালোচনাও নকৰো ৷ কিন্তু মই কেতিয়াও আজমলৰ ৰাজনৈতিক দলক ভোটো নিদিওঁ ৷ তথাপিও গৰিষ্ঠ জনমতত মুখ্যমন্ত্ৰী হ’লে সমালোচনা নকৰো ৷  কাৰণঃ ১৷ মই এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক দেশৰ নাগৰিক ৷  ২৷ মোৰ ভোটটোত হে মোৰ অধিকাৰ আছে ৷  ৩৷ ভাৰতৰ গণতান্ত্ৰিক নিৰ্বাচনৰ ফলাফলক সকলো ভাৰতীয়ই সন্মান জনোৱা উচিত ৷  ৪৷ ভাৰতৰ নিৰ্বাচনৰ প্ৰাৰ্থী সকল ভাৰতীয় নাগৰিক হ’বই লাগিব বুলি নিয়ম আছে ৷ গতিকে নিৰ্বাচন আয়োগে এজন অভাৰতীয়ৰ প্ৰাৰ্থিত্ব গ্ৰহণ নকৰে ৷  ৫৷ আজমল যিহেতু ভাৰতীয়, সেইবাবেই তেওঁ নিৰ্বাচনত প্ৰাৰ্থিত্ব পাইছে ৷ এজন বিজয়ী সাংসদৰ বিষয়ে অযুক্তিকৰ ভাবে কথা কোৱাটো সভ্য মানুহৰ পৰিচয় নহয় ৷  ৬৷ যদি তেওঁ অসমৰ সাংসদ হ’ব পাৰে, তেন্তে মুখ্যমন্ত্ৰী হ’ব কিয় নোৱাৰিব ?    এই আলোচনাত ইছলাম ধৰ্মী সাংসদ হিচাপেহে বদৰুদ্দিন আজমলৰ নাম মই উল্লেখ কৰিছো ৷ আৰু মুছলমানসকলৰ প্ৰতি

সদৌ অসম বৃত্তিমূলক শিক্ষক সন্থাৰ তৰফৰ পৰা বিধায়কক বিভিন্ন দাবী সন্মিলিত স্মাৰকপত্ৰ প্ৰদান।

Image
    ২০১৬ চনৰে পৰা অসমৰ বিভিন্ন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত কৰ্মৰত বৃত্তিমূলক শিক্ষক সকলোৰ বিভিন্ন সমস্যা সমূহ পূৰন কৰিবলৈ আজি সদৌ অসম বৃত্তিমূলক শিক্ষক সন্থাৰ ধুবুৰী জিলা সমিতিৰ বিষয়ববীয়া সকলে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীক সাক্ষাত কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে। বিধায়ক সিংহীয়ে সমস্যা সমূহ শিক্ষামন্ত্রীক অৱগত কৰাৰ উপৰিও সমাধান কৰাৰ ক্ষেত্রত সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।    সদৌ অসম বৃত্তিমূলক শিক্ষক সন্থাৰ ধুবুৰী জিলা সমিতিৰ বিষয়ববীয়া প্ৰমিচ আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰত শিক্ষক সকলোৰ চাকৰীসমূহ নিয়মীয়াকৰন, চাকৰী সমূহৰ নিৰাপত্তা প্ৰদান, সকলো বৃত্তিমূলক শিক্ষকৰ  সমপৰ্যায়ৰ দৰমহা প্ৰদান, চাকৰীসমূহ তৃতীয় পক্ষৰ পৰা চৰকাৰীকৰন আৰু বাৰ্ষিক দৰমহা বৃদ্ধি আদি বিভিন্ন দাবী সন্মিলিত স্মাৰকপত্ৰ প্ৰদান কৰে আৰু অতি সোনকালে সমস্যা সমূহ সমাধান কৰাৰ বাবে চৰকাৰক দাবী জনায় বুলি সাংবাদিকক জানিবলৈ দিয়ে।  চাপৰৰ পৰা আলী আকবৰৰ ৰিপোৰ্ট  ।।

বিজেপিক ৰোধিবলৈ সকলো আঞ্চলিক শক্তিক একেলগ হোৱাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

Image
  ৰাজ্যত খোলা হ’ব নেকি নতুন ৰাজনৈতিক দল। এই প্ৰসংগত আলোচনা অব্যাহত থকাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। তেওঁক চিন্তিত হোৱা দেখা গৈছে আঞ্চলিক দলৰ ভৱিষ্যতক লৈ। সদৌ অসম ছাত্ৰ সন্থা, আছুৱে আঞ্চলিক দল গঠন কৰাৰ বাবে তৎপৰতা অৱলম্বন কৰাৰ সময়ত আঞ্চলিকটাবাদৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। সদৌ অসম ছাত্ৰ সন্থা, আছুৱে আঞ্চলিক দল গঠন কৰিলে ৰাজ্যৰ আঞ্চলিক ৰাজনীতি কেনে পৰ্যায় পাবগৈ বুলি সোধাত তেওঁ কয়, ” সকলোৱে চিন্তা কৰিব লাগিব। দল সকলোৱে খুলিব পাৰিব। কাৰোৰে বাধা নাই। মই আশা কৰো আছুৱে উপযুক্ত সময়ত সঠিক সিদ্ধান্ত ল’ব ।” আঞ্চলিক দলে কেনেদৰে কাম কৰিব তাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহন্তই। তেওঁৰ মতে, ” অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় দল নহয়, আঞ্চলিক দলহে সমস্যা সমাধান কৰিব পাৰিব।”  ইফালে অগপ দলৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। অগপ নেতা বৃন্দাবন গোস্বামী আৰু সভাপতি অতুল বৰাৰ মাজত বহা বৈঠক প্ৰসংগতো বঢ়মপুৰৰ বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দীৰ্ঘ দিনে সভাপতিৰ সৈতে সম্পৰ্ক নৰখা বৃন্দাবন গোস্বামীৰ