বিটিচিত চলি থকা হত্যাকাণ্ডৰ বিৰুদ্ধে মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ বাক্সা জিলা আমছুৰ
#AssamLive24, গোৱৰ্ধনা, ২৭ আগষ্টঃ আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ বিটিএডিৰ লগতে বাক্সা জিলা আমছুয়ে জিলা সমিতিৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত মুখত কলা কাপোৰ বান্ধি বিটিএডি অঞ্চলত বসবাস কৰা সংখ্যালঘু জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা, বিটিএডিৰ বাসিন্দা খাইৰুল ইছলাম, আমিনুৰ ৰহমান খান , ৰহিম বাদশ্বাহ আৰু জহুৰা খাতুনৰ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰা, মৃতকৰ পৰিয়ালসমুহক ১০ লাখ টকাকৈ এক-কালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা, বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত সংখ্যালঘূ বসতি প্ৰধান অঞ্চলসমুহত অৰ্ধ- সামৰিক বাহিনী মোতায়েন কৰি নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰা আদিৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ আমছু জিন্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, বিটিএডি প্ৰশাসন হায় হায়, হত্যা হিংসা বন্ধ কৰক, বিটিএডিত থকা অবৈধ অস্ত্ৰ জব্দ কৰক, অপৰাধীক কঠোৰ হাতেৰে দমন কৰক, সংখ্যালঘু সকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰক,
মৃতকৰ পৰিয়াল সমুহক দহ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য আব্দুল ৰহিম, জিলা সমিতিৰ সভাপতি ছাইফুল ইছলাম খান, কাৰ্যকৰী সভাপতি গিয়াছ উদ্দিন, সাধাৰণ সম্পাদক সাহাদত হুছেইন, জিলা সমিতিৰ প্ৰাক্তন উপ সভাপতি আলাল উদ্দিনৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা সকলে উপস্থিত থাকি শালবাৰী মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । জিলা সভাপতি ছাইফুল ইছলাম খানে বক্তব্যৰ মাজত কয় যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যিহেতু নিজৰ দায়িত্ব পালনত ব্যৰ্থ হৈছে সেই হিচাপে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে লগতে ৰাজ্যপালকো কঠোৰ ভাষাৰে সমালোচনা কৰি অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে, অন্যথাই আমছুয়ে ইয়াতকৈ ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে।
Comments
Post a Comment