Posts

Showing posts from August, 2026

অভিজিত দীপকেৰ বিৰুদ্ধে দিল্লীত এজাহাৰ

Image
আক্ৰমণৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰৰ দাবী ইনফ্লুয়েঞ্চাৰ ফৈজান আনছাৰীৰ নতুন দিল্লী : ছ’চিয়েল মাধ্যমৰ ইনফ্লুয়েঞ্চাৰ ফৈজান আনছাৰীয়ে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ উপ-আয়ুক্তৰ ওচৰত লিখিত এজাহাৰ দাখিল কৰিছে। পুনে আৰু ঔৰংগাবাদত দীপকেৰ সহযোগীসকলে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ দিল্লী আৰক্ষীক অনতিপলমে অভিজিত দীপকেক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। সংবাদমাধ্যমৰ আগত আনছাৰীয়ে কয় যে তেওঁৰ হাতত আক্ৰমণৰ প্ৰমাণ আছে আৰু এই ঘটনাসমূহৰ সৈতে জড়িত দুটা গোচৰ ইতিমধ্যে ৰুজু হৈছে। তেওঁৰ ভাষ্য অনুসৰি, পুনে আৰু ঔৰংগাবাদত সংঘটিত আক্ৰমণৰ ঘটনাৰ তদন্ত চলি আছে। আনছাৰীয়ে লগতে দিল্লীত সোণম ৱাংচুকক আটক কৰাৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ভূমিকাৰ প্ৰশংসা কৰে। একে সময়তে তেওঁ অভিযোগ কৰে যে অভিজিত দীপকে ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবেই বিভিন্ন কাৰ্যকলাপ চলাই আহিছে। তেওঁ আৰু দাবী কৰে যে পূৰ্বে চুৰাটৰ এজন তথ্য অধিকাৰ কৰ্মীয়ে অভিজিত দীপকেৰ পিতৃৰ বিত্তীয় লেনদেনৰ তদন্ত বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছিল। লগতে চিজেপিৰ আইনী মৰ্যাদা আৰু সম্ভাৱ্য কৰ-দায়বদ্ধতাৰ বিষয়টোও নিৰ...