অভিজিত দীপকেৰ বিৰুদ্ধে দিল্লীত এজাহাৰ

আক্ৰমণৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰৰ দাবী ইনফ্লুয়েঞ্চাৰ ফৈজান আনছাৰীৰ




নতুন দিল্লী : ছ’চিয়েল মাধ্যমৰ ইনফ্লুয়েঞ্চাৰ ফৈজান আনছাৰীয়ে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ উপ-আয়ুক্তৰ ওচৰত লিখিত এজাহাৰ দাখিল কৰিছে। পুনে আৰু ঔৰংগাবাদত দীপকেৰ সহযোগীসকলে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ দিল্লী আৰক্ষীক অনতিপলমে অভিজিত দীপকেক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

সংবাদমাধ্যমৰ আগত আনছাৰীয়ে কয় যে তেওঁৰ হাতত আক্ৰমণৰ প্ৰমাণ আছে আৰু এই ঘটনাসমূহৰ সৈতে জড়িত দুটা গোচৰ ইতিমধ্যে ৰুজু হৈছে। তেওঁৰ ভাষ্য অনুসৰি, পুনে আৰু ঔৰংগাবাদত সংঘটিত আক্ৰমণৰ ঘটনাৰ তদন্ত চলি আছে।

আনছাৰীয়ে লগতে দিল্লীত সোণম ৱাংচুকক আটক কৰাৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ভূমিকাৰ প্ৰশংসা কৰে। একে সময়তে তেওঁ অভিযোগ কৰে যে অভিজিত দীপকে ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবেই বিভিন্ন কাৰ্যকলাপ চলাই আহিছে।

তেওঁ আৰু দাবী কৰে যে পূৰ্বে চুৰাটৰ এজন তথ্য অধিকাৰ কৰ্মীয়ে অভিজিত দীপকেৰ পিতৃৰ বিত্তীয় লেনদেনৰ তদন্ত বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছিল। লগতে চিজেপিৰ আইনী মৰ্যাদা আৰু সম্ভাৱ্য কৰ-দায়বদ্ধতাৰ বিষয়টোও নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডৰ ওচৰত উত্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

ইফালে, সোমবাৰে অভিজিত দীপকেই কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে যে দাবীসমূহ পূৰণ নকৰিলে পুনৰ ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰা হ’ব। তেওঁ অভিযোগ কৰে যে নীট-স্নাতক পৰীক্ষা সম্পৰ্কীয় ঘটনাত প্ৰাণ হেৰুওৱা শিক্ষাৰ্থীসকলৰ পৰিয়ালক এতিয়াও ঘোষিত ক্ষতিপূৰণ প্ৰদান কৰা হোৱা নাই।

উল্লেখ্য যে, ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছত ২৫ জুলাইত যন্তৰ-মন্তৰত চলি থকা ৩৭ দিনীয়া প্ৰতিবাদ প্ৰত্যাহাৰ কৰা হৈছিল। সেই সময়ত চৰকাৰৰ পৰা একাধিক দাবীৰ ওপৰত আশ্বাস লাভ কৰা বুলি চিজেপিয়ে দাবী কৰিছিল।

Comments

Popular posts from this blog

বিজেপিক ৰোধিবলৈ সকলো আঞ্চলিক শক্তিক একেলগ হোৱাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

ভেলেন্টাইন ডে কিয় পালন কৰা হয় জানেনে?