বিজেপিক ৰোধিবলৈ সকলো আঞ্চলিক শক্তিক একেলগ হোৱাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ
ৰাজ্যত খোলা হ’ব নেকি নতুন ৰাজনৈতিক দল। এই প্ৰসংগত আলোচনা অব্যাহত থকাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। তেওঁক চিন্তিত হোৱা দেখা গৈছে আঞ্চলিক দলৰ ভৱিষ্যতক লৈ। সদৌ অসম ছাত্ৰ সন্থা, আছুৱে আঞ্চলিক দল গঠন কৰাৰ বাবে তৎপৰতা অৱলম্বন কৰাৰ সময়ত আঞ্চলিকটাবাদৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।
সদৌ অসম ছাত্ৰ সন্থা, আছুৱে আঞ্চলিক দল গঠন কৰিলে ৰাজ্যৰ আঞ্চলিক ৰাজনীতি কেনে পৰ্যায় পাবগৈ বুলি সোধাত তেওঁ কয়, ”সকলোৱে চিন্তা কৰিব লাগিব। দল সকলোৱে খুলিব পাৰিব। কাৰোৰে বাধা নাই। মই আশা কৰো আছুৱে উপযুক্ত সময়ত সঠিক সিদ্ধান্ত ল’ব।”
আঞ্চলিক দলে কেনেদৰে কাম কৰিব তাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহন্তই। তেওঁৰ মতে, ”অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় দল নহয়, আঞ্চলিক দলহে সমস্যা সমাধান কৰিব পাৰিব।” ইফালে অগপ দলৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
অগপ নেতা বৃন্দাবন গোস্বামী আৰু সভাপতি অতুল বৰাৰ মাজত বহা বৈঠক প্ৰসংগতো বঢ়মপুৰৰ বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দীৰ্ঘ দিনে সভাপতিৰ সৈতে সম্পৰ্ক নৰখা বৃন্দাবন গোস্বামীৰ সৈতে সভাপতিৰ সাক্ষাতক ব্যক্তিগত আখ্যা প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ।
দলীয় সতীৰ্থৰ ইজনে-সিজনৰ সৈতে কথা পতাৰ অধিকাৰ আছে বুলিও ক’লে মহন্তই। তেওঁৰ মতে, ‘‘ৰাজ্যৰ আঞ্চলিক দলৰ শক্তিশালী কৰাৰ বাবেহে মই কাম কৰি আহিছো। আগলৈকো কাম কৰি যাম।” ইফালে বোকাজানত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিক ৰোধ কৰাৰ বাবে সকলো আঞ্চলিক শক্তিক একগোট হোৱাৰ বাবে আহ্বান জনায়।
Comments
Post a Comment