বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হোৱাত আপত্তি কিহৰঃ শিখা শৰ্মা
মই জন্ম আৰু বিবাহসূত্ৰে এগৰাকী হিন্দু ৷ মই ব্ৰাহ্মণৰ বোৱাৰী ৷ এঘৰ ঐতিহাসিক ব্ৰাহ্মণ পৰিয়ালৰ একমাত্ৰ সন্তানৰ পত্নী ৷ জনমৰে পৰা হিন্দুৰ সকলো কাঢ়া নীতি-নিয়মেৰে লালিত পালিত ৷ তথাপিও কওঁ, যদি আজমল মুখ্যমন্ত্ৰী হয়, মই আপত্তি নকৰো বা বেয়াও নাপাওঁ ৷ সমালোচনাও নকৰো ৷ কিন্তু মই কেতিয়াও আজমলৰ ৰাজনৈতিক দলক ভোটো নিদিওঁ ৷ তথাপিও গৰিষ্ঠ জনমতত মুখ্যমন্ত্ৰী হ’লে সমালোচনা নকৰো ৷
কাৰণঃ
১৷ মই এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক দেশৰ নাগৰিক ৷
২৷ মোৰ ভোটটোত হে মোৰ অধিকাৰ আছে ৷
৩৷ ভাৰতৰ গণতান্ত্ৰিক নিৰ্বাচনৰ ফলাফলক সকলো ভাৰতীয়ই সন্মান জনোৱা উচিত ৷
৪৷ ভাৰতৰ নিৰ্বাচনৰ প্ৰাৰ্থী সকল ভাৰতীয় নাগৰিক হ’বই লাগিব বুলি নিয়ম আছে ৷ গতিকে নিৰ্বাচন আয়োগে এজন অভাৰতীয়ৰ প্ৰাৰ্থিত্ব গ্ৰহণ নকৰে ৷
৫৷ আজমল যিহেতু ভাৰতীয়, সেইবাবেই তেওঁ নিৰ্বাচনত প্ৰাৰ্থিত্ব পাইছে ৷ এজন বিজয়ী সাংসদৰ বিষয়ে অযুক্তিকৰ ভাবে কথা কোৱাটো সভ্য মানুহৰ পৰিচয় নহয় ৷
৬৷ যদি তেওঁ অসমৰ সাংসদ হ’ব পাৰে, তেন্তে মুখ্যমন্ত্ৰী হ’ব কিয় নোৱাৰিব ?
এই আলোচনাত ইছলাম ধৰ্মী সাংসদ হিচাপেহে বদৰুদ্দিন আজমলৰ নাম মই উল্লেখ কৰিছো ৷ আৰু মুছলমানসকলৰ প্ৰতিনিধি হিচাপেহে তেওঁৰ কথা কৈছো তাকো যুক্তিৰ খাতিৰত ৷ কাৰণ মন্ত্ৰী শৰ্মাই আজমলৰ নাম লৈছে আৰু সেইবাবেই মই আজমলৰ নামেৰেই প্ৰত্যুত্তৰ দিব লাগিব ৷ কিন্তু সাম্প্ৰদায়িক ভাৱধাৰাৰ আৰু খিলঞ্জীয়া বিৰোধী বদৰুদ্দিন আজমল অসমৰ বাবে কোনোদিনেই গ্ৰহণযোগ্য নহয় ৷
ভাৰতৰ গণতান্ত্ৰিক পদ্ধতিয়ে, আমাক আমি ভালপোৱা ধৰণে কামবোৰ কৰিবলৈ নিদিয়ে ৷ গতিকে মিছাকৈ নিউজ চেনেলৰ আগত যা তা বকি নিজৰ স্বৰূপ প্ৰকাশ কৰিব নালাগে ৷ কালি নিউজত দেখিলো কৰোনা সম্ৰাট, অসমৰ একমাত্ৰ বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এফালৰ পৰা বকি গৈছে চৰম আত্মসন্তোষ্টিৰে ৷ তেওঁৰ কোনো হতাশা নাই ৷ ভাল কথা ৷ চৰম দুৰ্যোগৰ সময়তো মানুহ হতাশ হ’ব নালাগে ৷ তেওঁৰ দুটা ল’ৰা ছোৱালীয়ে মোটামুটি ভাল ৰিজাল্ট কৰাৰ বাবে তেওঁ হেনো হতাশ হোৱা নাই ৷ ভাল কথা ৷ আমিও সুখী ৷ তেওঁৰ সংসাৰত হেনো কাজিয়া নাই ৷ সেইবাবে তেওঁ হতাশ নহয় বৰং সুখী ৷ ভাল কথা ৷ আমি শুভেচ্ছা জনাইছো তেওঁৰ সুখৰ সংসাৰলৈ ৷ তেওঁ হেনো ৰাজনৈতিক ভাবেও সুখী ৷ কাৰণ তেওঁৰ দল অনাগত নিৰ্বাচনত ১০০ চিট পাই জিকিব ৷ তেওঁ ৰিপৰ্টাৰক সুধিছে, তেওঁ কিয় হতাশ হ’ব ? নিউজৰ সাংবাদিকক তেওঁ কৈছে- “মোক এটা কাৰণ দিয়ক ৷ যাৰ বাবে মই হতাশ হ’ব লাগে ৷ মোৰ ওচৰত তো হতাশ হোৱাৰ কোনো কাৰণ নাই ৷ মই কিয় হতাশ হ’ম ?“
হিমন্ত বিশ্ব শৰ্মাই একেটা ইন্টাৰভিউতে কৈছে, কেইদিনমানৰ পাছত ৰাজীৱ ভৱনটো আজমল ভৱন হ’ব ৷ ৰাজীৱ ভৱনৰ ফাংচনবোৰত চিকেন, মাটনৰ লগত আৰু এবিধ মাংস সংযোজিত হ’ব ৷ আজমল ভৱন আৰু নতুন এবিধ মাংস ৷ তেওঁ উল্লেখ কৰা এই নতুন মাংসবিধ নিশ্চয় গৰু মাংস ৷ বেছি ভাষা লগাই সংস্কৃত ভাষাৰ আশ্ৰয় নলৈ, মই গৰু মাংস বুলিয়েই ক’লো ৷ কাৰণ গো-মাংস বুলি ক’লেও একেই অৰ্থই বুজায় ৷
এতিয়া কথা হ’ল, ইমান প্ৰত্যয়েৰে ৰাজীৱ ভৱনক আজমল ভৱন হ’ব বুলি কোৱাৰ আঁৰৰ ৰহস্য কি ? কংগ্ৰেছক মুছলমান সজোৱা ? কিয় এই ঘৃণনীয় প্ৰচেষ্টা ? ৰাজীৱ ভৱনত বহা সকলোবোৰ হিন্দুক এইয়া তীব্ৰ অপমান নহয়নে ? চৈধ্য পুৰুষতো হিন্দুৰ সমাজত নচলা গৰুৰ মাংসক, ৰাজীৱ ভৱনলৈ অনাৰ কথা ভাবিব পৰাটোও পাপ ৷ চিপাহী বিদ্ৰোহৰ কথা জানেনে হিমন্ত বিশ্ব শৰ্মাই ? এজন হিন্দুক গৰুৰ মাংস অফাৰ কৰিবনে এজন মুছলমানে ? বা এজন হিন্দুৱে এজন মুছলমানক গাহৰিৰ মাংস অফাৰ কৰিবনে ? কিয় এই বিদ্বেষৰ বীজ সিঁচাৰ অহৰহ চেষ্টা ? কিয় ?
আমি মুছলমানৰ ঘৰত বিয়াৰ নিমন্ত্ৰণ পাওঁ ৷ তেওঁলোকে হিন্দুৰ কাৰনে এদিন আৰু মুছলমানৰ কাৰনে আন এদিন অভ্যৰ্থনাৰ আয়োজন কৰে ৷ আমাক হিন্দুৰ অভ্যৰ্থনাৰ দিনালৈহে মাতে ৷ ইমানৰ পাছতো আমাক গৰু খুৱাব বা ৰাজীৱ ভৱনৰ দৰে এটা সামাজিক ৰাজনৈতিক অনুস্থানত গৰুৰ মাংস পৰিৱেশন কৰিব বুলি এজন দায়িত্বশীল মন্ত্ৰীয়ে নিউজৰ আগত কোৱাটোৱে, কি মানসিকতাক প্ৰতিফলিত কৰিলে ? এই ঘোষণাৰ প্ৰয়োজন আছিল নে ?
ভাৰতত বিজেপি চৰকাৰ চলি আছে ৷ বিজেপিয়ে কৰিব নোৱাৰা বেয়া কাম একো নাই ৷ আজমল যদি ইমানেই অস্পৃশ্য, তেন্তে আজমলক ভাৰতৰ পৰা নিৰ্বাসন নিদিয়ে কিয় ? আজমল মুখ্যমন্ত্ৰী হোৱাতো যদি এটা ভয়ানক কথা, তেন্তে আজমলক অসমৰ পৰা খেদি নপঠায় কিয় ? পাৰিব ? সাধ্য আছে বিজেপিৰ ? যদি নোৱাৰে, তেন্তে আজমলৰ প্ৰসঙ্গৰে বাৰে বাৰে এটা ধৰ্মীয় সম্প্ৰদায়ক আক্ৰমণ কৰে কিয় ? বাৰে বাৰে হিন্দুৰ বৰ্জনীয় গৰুৰ মঙহ খুৱাবলৈ আজমল বাহিনী প্ৰস্তুত বুলি কিয় জগৰীয়া কৰে এটা সম্প্ৰদায়ক ? তাৰমানে হিমন্ত বিশ্ব শৰ্মাই কেনেবাকৈ মুখ্যমন্ত্ৰী হ’ব পাৰিলেই অসমৰ মুছলমানসকলক গাহৰি খুৱাব ? কথাটো এনেকুৱাই নহ’লনে ? কাৰণ-
“আপোনাৰ মন যেনে,
জগতকো দেখে তেনে“
তেওঁৰ মনৰ দৰেই ভাবিছে নেকি আজমলৰ মনটোকো ? মই বদৰুদ্দিন আজমলক ব্যক্তিগতভাবে চিনি নাপাওঁ ৷ তেওঁক চিনি পোৱাৰ প্ৰয়োজনবোধো নকৰো ৷ মই স্বাধীন মানুহ ৷ তৰুণ গগৈ, বদৰুদ্দিন আজমল, অথবা কোনো সমুজ্বল, সৰ্বা, হিমন্ত, এজিপি, অখিল কিম্বা লুৰিণৰ লগতো চিনাকি নাই আৰু কাৰো তেল মৰাতো নাই মই ৷ কিন্তু মানুহ হিচাপে মই এই আক্ৰমণবোৰ বেয়া পাওঁ ৷ সেইবাবেই প্ৰয়োগ কৰো ভাৰতীয় সংবিধানে মোক প্ৰদান কৰা বাক স্বাধীনতাৰ অধিকাৰ ৷ ভাৰতৰ পৰা মুছলমানক বিতাৰিত কৰাতো অসম্ভৱ ৷ অসমৰ পৰাও ৷ গতিকে বাচি থকা দিনকেইটা সমিল মিলেৰে, সকলোৱে সকলোকে সন্মান দি জীয়াই থকাত আমি পক্ষপাতি ৷
এতিয়া আহোঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নলৈ ৷ তেওঁ হতাশ নেকি ! হয় ৷ আমি অনুভৱ কৰো তেওঁ হতাশ ৷ দিনে নিশাই কাম কৰাৰ পাছতো , বাৰে বাৰে মুছলমানক আক্ৰমণ কৰাৰ পাছতো, কংগ্ৰেছ দলক তুলা ধুনা দি থকাৰ পাছতো, পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ নাম দলীয় প্ৰচাৰলৈ নহাটোৱেই তেওঁৰ হতাশাৰ মুখ্য কাৰণ ৷ কংগ্ৰেছী হৈ ৰাহুল গান্ধীৰ প্ৰিয়পাত্ৰ হৈ পৰিব নোৱাৰি, বিজেপিত আহি কঠোৰ পৰিশ্ৰমী হৈয়ো কেৱল চেকেণ্ড মন্ত্ৰী হৈ থাকিব থাকিব লগীয়া হোৱাটোও তেওঁৰ হতাশাৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ ৷ কৰোনা নাটকৰ মূল পৰিচালক হৈয়ো ৰাইজৰ মুখত মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ নাম সমস্বৰে উচ্চাৰণ নোহোৱাটোও তেওঁ হতাশ হ’ব পৰা আন এক গধুৰ কাৰণ ৷
হিমন্ত বিশ্ব শৰ্মাই কৈছে, তেওঁ হতাশ নহয় ৷ কাৰণ তেওঁৰ দুটা সন্তানে মোটিমুটি ভালকৈ পাছ কৰিছে ৷ মই ক’ম -আপুনি হতাশ হোৱা উচিত ৷ আপুনি কেৱল দুটা সন্তানৰ পিতৃ নহয় ৷ আপুনি শিক্ষা মন্ত্ৰী হিচাপে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ পিতৃ ৷ এই ছাত্ৰ ছাত্ৰী সকলক কলেজত চিট দিব পৰা নাই, যি আপোনাৰ সন্তানৰ দৰে ৰিজাল্টৰ পাছত দামী কলেজত পঢ়িব নোৱাৰিব ৷ মাননীয় শৰ্মা ডাঙৰীয়া, অসমীয়া ছাত্ৰ ছাত্ৰীৰ এই অৱস্থাত আপুনি কেৱল নিজৰ সন্তানৰ ৰিজাল্ট পাই সুখী হোৱাতকৈ হতাশ হোৱা প্ৰয়োজন আছিল ৷ আমি দুখিত, লাখ লাখ ছাত্ৰ ছাত্ৰীৰ অনিশ্চিত ভৱিষ্যতে এজন শিক্ষামন্ত্ৰীক হতাশ কৰিব নোৱাৰাত ৷
আপোনাৰ মতে আপুনি হতাশ নহয়, কাৰণ আপোনাৰ সংসাৰ ঠিকে আছে ৷ লাজ লাগিছে ডাঙৰীয়া, আপোনাৰ মানসিকতা দেখি ৷ অপৰিকল্পিত লকডাউনে জুৰুলা কৰা অসমত কিমান সংসাৰ অভাৱত ভাঙি পৰিল আপুনি খবৰ ৰাখিছেনে ? আপুনি কেৱল আপোনাৰ পত্নীক লৈ সুখী বুলি কৈছে ৷ হতাশা নাই বুলি কৈছে ৷ আপুনি অনুভৱ কৰিছেনে প্ৰাইভেট চাকৰি হেৰুৱাই ঘৰত বহি থকা অভাৱী পতি-পত্নীবোৰৰ হতাশা ? এজন দায়িত্বশীল মন্ত্ৰী হিচাপে, ভাগি যোৱা সংসাৰবোৰৰ কবৰত বহি আপুনি কেনেকৈ আপোনাৰ সংসাৰখনৰ সুখৰ প্ৰকাশ কৰিব পাৰিলে ? আপোনাৰ বেয়া নালাগিল ? ইমানতো হতাশ নোহোৱাটো, হতাশাৰে এক চৰম নিদৰ্শন ৷
আপুনি অৰ্থনৈতিক ভাবে সক্ষম ৷ সেইবাবেই আপুনি হতাশ নহয় ৷ খাবলৈ নোপোৱা নিবনুৱাৰ মাজত আপোনাৰ সম্ভাৱৰ প্ৰদৰ্শন উচিতনে ? আপুনি কেৱল নিজৰ পেটটোৰ কথাই ভবা উচিতনে ? নে হিতাধিকাৰীক আঁচনি দি ভোট কিনিলেই অসমৰ মধ্যবিত্তৰ ভোকবোৰ নোহোৱা হৈ যাব ?
চৰকাৰ এখন নিৰপেক্ষ হোৱা উচিত ৷ বিধায়ক এজনে ধৰ্ম ভিত্তিক কথা ক’লে বেয়া নেদেখিলেও, মন্ত্ৰী এজনে এটা বিশেষ ধৰ্মক বাৰে বাৰে আক্ৰমণ কৰি থাকিলে বৰ বেয়া দেখি ৷ ইয়াৰ অন্তৰালত কি আছে ? আপুনি মন্ত্ৰী ৷ অসমৰ বাসিন্দা হিচাপে আজমলেও আপোনাৰ মন্ত্ৰীত্ব স্বীকাৰ কৰিব ৷ গতিকে মন্ত্ৰী হৈ শপত লোৱাৰ লগে লগে, আপুনি তথা আন মন্ত্ৰীসকলো একো একোজন ধৰ্ম নিৰপেক্ষ মানুহলৈ পৰ্য্যবসিত হোৱাতো প্ৰয়োজন আছিল ৷ যিটো বিজেপিৰ মন্ত্ৰী সকল কোনোদিনেই হ’ব নোৱাৰিলে ৷ সেইবাবেই ভোটত জিকাৰ আশাত, হিন্দুৰ আৱেগ বৃদ্ধি কৰি, আপোনালোকে বাৰে বাৰে কথাৰে আক্ৰমণ কৰে মুছলমানক ৷ মুছলমানে গৰু খালেই যেনিবা, কি বৰ ডাঙৰ কথাটো হ’ল ? আমিও দেখোন ছাগলী খাওঁ ৷ গৰু আৰু ছাগলী একেই তৃণভোজী প্ৰাণী ৷ যদি গৰু খোৱাটো ইমানেই বেয়া, তেন্তে আপোনালোকৰ এম্বেচেদৰে অসমৰ দৌৰবিদক অলিম্পিক জিকিবলৈ গৰু খোৱাৰ পৰামৰ্শ দিছিল কিয় ? দুয়োজনেইতো হিন্দু আছিল ৷
হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাও, বহুত হ’ল ৷ আৰু বিদ্বেষ নানিব ৷ আপুনি কোৱাৰ দৰে, বেয়া গালি দিবলৈ আপুনি পঠিয়াব পৰা মানুহলৈ আমি ভয় নকৰো ৷ মই যেতিয়ালৈকে কোনো অপৰাধ নকৰিম, তেতিয়ালৈকে পৃথিৱীৰ কোনো শক্তিয়ে মোক একো কৰিব নোৱাৰিব ৷ আৰু যদি অপৰাধ কৰো আপুনি কিয়, ভাৰতৰ ৰাষ্টপতিয়েও মোক বচাব নোৱাৰিব ৷ গতিকে কাৰো গালিলৈ কেয়াৰ কৰা মানুহ মই নহয় ৷ সমালোচনা কৰিমেই ৷ আপুনি বেয়া পালেও কৰিম ৷ যেতিয়ালৈকে অসামাজিক কথাবোৰ কৈ থাকিব, ময়ো সমালোচনা কৰিয়েই থাকিম ৷ বিদ্বেষ বন্ধ কৰক ৷ আমাক মিলিজুলি থাকিবলৈ দিয়ক ৷ অসমৰ নিৰপেক্ষ মানুহবোৰক আপোনালোকৰ হাতৰ পুতলা কৰিব পাৰিম বুলি নাভাবিব ৷ হিন্দুক হিন্দু হৈ জীয়াই থাকিবলৈ দিয়ক ৷ হিন্দুক বিজেপি কৰি নেপেলাব ৷ সকলো হিন্দুক “জয় চিয়া ৰাম“ ক’বলৈ বাধ্য নকৰিব ৷ ইতিকিং সূচক মন্তব্যৰে উঠি অহা প্ৰজন্মক অভদ্ৰ হ’বলৈ উৎসাহিত নকৰিব ৷ নহ’লে এই ৰুগ্ন সমাজৰ বীজানুয়ে আপোনাৰ সন্তানক নহ’লেও, আপোনাৰ অঙহী বঙহীক আৰু তেওঁলোকৰ সন্তানক শেষ কৰি পেলাব ৷ আৰু আমিও শেষ হৈ যাম ৷ আপোনাৰ পৰা অনাগত দিনত এনে সাক্ষাতকাৰ আশা নকৰো ৷ প্ৰয়োজন হ’লে আপুনি ৰাজনীতিৰ পৰা আঁতৰি যাওক ৷ কিন্তু অসমখন বিষবাস্পৰে ভৰাই নেপেলাব ৷ কেইটামান ভাল কামৰ বিপৰীতে, বেছিভাগ বেয়া কামেৰে অসমৰ মানুহবোৰক আৰু অশান্তি নিদিব ৷ সময় আপোনাৰো আছে ৷ সেই কথা পাহৰি নাযাব ৷
Comments
Post a Comment