সোমবাৰৰ পৰা চাৰিখন জিলাত সম্পূৰ্ণ ‘লকডাউন’ ঘোষণা ৰাজ্য চৰকাৰৰ, ক’ত ক’ত সবিশেষ পঢ়ক আৰু জানি লওঁক....!


সোমবাৰৰ পৰা চাৰিখন জিলাত সম্পূৰ্ণ ‘লকডাউন’ ঘোষণা ৰাজ্য চৰকাৰৰ, ক’ত ক’ত সবিশেষ পঢ়ক – ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি সন্দৰ্ভৰ প্ৰতি লক্ষ্য ৰাখি আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে।

ক’ভিড পৰিস্থিতি উন্নত নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা, বিশ্বনাথ, মৰিগাঁও জিলাক সম্পূৰ্ণ কনটেইনমেণ্ট ঘোষণা কৰে।

ইয়াৰ উপৰি গোলাঘাট জিলাৰ বোকাখাত মহকুমাকো সম্পূৰ্ণ কনটেইনমেণ্ট ঘোষণা কৰে ৰাজ্য চৰকাৰে।

এই তিনিখন জিলাৰ লগতে বোকাখাত মহকুমাত অহা সোমবাৰৰ পৰা এসপ্তাহলৈ এই নিৰ্দেশনা প্ৰযোজ্য হ’ব।

কনটেইনমেণ্ট ঘোষণা কৰা জিলা আৰু অঞ্চলটোত জৰুৰীকালীন সেৱা অব্যাহত থকাৰ উপৰি গ্ৰোচাৰি দোকান সমূহ বিয়লি ৫ বজালৈ খোলা ৰাখিব পাৰিব।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা অনুসৰি দহজনতকৈ অধিক আক্ৰান্ত থকা ৰাজ্যৰ ২৪৭ টা অঞ্চলত সম্পূৰ্ণ কনটেইনমেণ্ট জাৰি কৰা হ’ব। তদুপৰি ৪৫৮১ টা অঞ্চল সম্পূৰ্ণৰূপে নিৰীক্ষণত ৰাখিব।

উল্লেখ্য যে আজি কৰ’ণা পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ উপায়ুক্তসকলৰ লগত এক দীঘলীয়া বৈঠকত মিলিত হৈছিল।

এই বৈঠকৰ পিছতেই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি এই কথা জানিব দিয়ে।  

Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

কাৰাগাৰত ধৰ্মান্তকৰণ এজন ব্যক্তি