বানপানীক ৰাষ্ট্ৰীয় সমস্যা আৰু বানপীড়িতৰ ক্ষতিপূৰণৰ দাবীত-প্ৰধান মন্ত্ৰীলৈ আমছুৰ আঞ্চলিক সমিতিসমূহৰ স্মাৰকপত্ৰ প্ৰদান।
আছাম লাইফ 24, বৰপেটাৰোড, ২৪ আগষ্টঃ ৰাজ্যত প্ৰতিবছৰে হৈ থকা প্ৰৱল বানপানীৰ ফলত প্ৰতিটো ৰাজ্যত আৰ্থিক সংকটত পৰাৰ লগতে বানপানীৰ ফলত হৈ থকা প্ৰৱল গৰাখহনীয়াই কাল হিচাপে ঠিয় দিছে চৰ-চাপৰীৰ লগতে নৈ পৰীয়া ৰাইজৰ বাবে। প্ৰতি বছৰে ভূটাৰ কুৰিশ্বো বান্ধৰ পানী এৰি দিয়াত নামনি অসমৰ প্ৰতিটো জিলাতেই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
যাৰ বাবে হাজাৰ হাজাৰ বিঘা ভিটা মাটি আৰু কৃষি ভুমি ব্ৰহ্মপুত্ৰ, বেঁকী, মানাস, পল্লা, পহুমাৰা, ৰূপহী, মহাবাহু আদি নৈবোৰে জীৱকুলৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। এই জলন্ত সমস্যাক আমছুৰ লগতে প্ৰায়বোৰ অৰাজনৈতিক দল সংগঠনে কেন্দ্ৰীয় চৰকাৰক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰি ইয়াৰ উপযুক্ত সমাধানৰ ব্যৱস্থাৰ বাবে বাৰাম্বাৰ দাবী কৰি আহিছে যদিওঁ চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। সেয়ে আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিয়ে লোৱা সিদ্ধান্ত অনুযায়ী প্ৰতিটো জিলাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ৰ স্বাক্ষৰিত এখনকৈ স্মাৰকপত্ৰ ডাকযোগে প্ৰধান মন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। সেই নিৰ্দেশমৰ্মে আজি বৰপেটা জিলাৰ অন্তৰ্গত গোৱৰ্ধনা আঞ্চলিক , কাটাঝাৰ পাথাৰ আঞ্চলিক, বৰপেটাৰোড আঞ্চলিক , গান্ধাৰীপাৰা আঞ্চলিক, বিলাসীপাৰা আঞ্চলিক সমিতি, আৰু বাক্সা জিলা আমছুৰ অন্তৰ্গত নৰশিংবাৰী আঞ্চলিক, খুশ্ৰাবাৰী আঞ্চলিক, জাখলি বিলৰ পাথাৰ আঞ্চলিক, পূৱ জাখলি আঞ্চলিক, কাটাঝাৰ বজাৰ আঞ্চলিক , গোৱৰ্ধনা আঞ্চলিক, পশ্চিম হাউলী আঞ্চলিক আৰু খাৰিজা বিজনী আঞ্চলিক সমিতি।উল্লেখিত স্মাৰকপত্ৰ যোগে সংগঠনটোৱে অনতিপলমে ৰাজ্যৰ বান সমস্যাত ক্ষতিগ্ৰস্থ হোৱা পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ লগতে বিজ্ঞানসন্মতভাৱে ৰাজ্যৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক দাবী জনায়।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে আমছুৰ বৰপেটা জিলা সমিতিৰ সভাপতি ছফিউৰ ৰহমান, আমছুৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আব্দুল ৰহিম, বৰপেটা জিলা সমিতিৰ উপ সভাপতিদ্বয় নজৰুল আলী আহমেদ, শ্বামিম খান, বাক্সা জিলা আমছুৰ সাধাৰণ সম্পাদক সাহাদত হুছেইন, শিক্ষা সম্পাদক আছুৰ উদ্দিন, বৰপেটা জিলা সমিতিৰ সহ সম্পাদক বদিউদ জামান, প্ৰচাৰ সম্পাদক কাৰিনুল ইছলামৰ লগতে প্ৰতিটো আঞ্চলিক সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয় উপস্থিত থাকে।
Comments
Post a Comment