অসহায় আব্দুল কদ্দুছৰ কৰুণ কাহিনী, জীয়াই থাকিবলৈ ঘৰ বিচাৰি আবেদন
জীৱনটো শিক্ষাগ্ৰহণ আৰু শিক্ষাদানৰ লগত জড়িত হাফিজ আব্দুল কুদ্দুছক আপোনাৰ সহায়ৰ প্ৰয়োজন হৈছে।
আপোনাৰ সহায়ে এটা পৰিয়ালত আনন্দৰ হাঁহি ফুটাব পাৰে।
দিৰ্ঘদিনীয়া লকডাউনৰ ফলত কৰ্ম সংস্থাপন হেৰুৱাই ৫ জন সন্তানক লৈ অনাহাৰত বৰ কষ্টৰে দিন কটাবলগীয়া হৈছে।
হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত" জুটাং বস্তি" গাঁৱৰ মৃত বচিৰ উদ্দিনৰ পুত্ৰ ৬০ বছৰীয়া হাফিজ আব্দুল কদ্দুছ লকডাউনৰ ফলত কৰ্ম সংস্থাপন নথকাত ৫ জন সন্তানক লৈ বৰ কষ্টৰে দিন পাৰ কৰি আছে।
প্ৰসৰ ৰ'দ-বৰষুণত সন্তানক লৈ জূপুৰী ঘৰখনতে থকা ব্যক্তিজনক এখন ঘৰ নিৰ্মান কৰি দিলে শান্তিতে থাকিব পাৰিব।
দুখীয়া ব্যক্তিজনে আজিলৈ কোনো ধৰণৰ চৰকাৰী আচনি পোৱা নাই। আমাৰ সাংবাদিকৰ মোবাইল কেমেৰাত বন্ধিকৰা দৃশ্যখিনি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিলো।
গতিকে ব্যক্তিজনে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক এখন ঘৰ নিৰ্মান কৰি দিয়াৰ বাবে আমাৰ চেনেলৰ যোগেতি কাতৰ অনুৰোধ জনাইছে।
আনহাতে বিভিন্ন দল সংগটৰ ওপৰিও মৌলানা বদৰ উদ্দিন আজমল আৰু মৌলানা মস্তাক আনফৰক সহায়ৰ বাবে কাতৰ অনুৰোধ জনাইছে।
হোজাইৰ পৰা আব্দুল কাদিৰৰ ৰিপোৰ্ট-
ASSAM LIVE 24
Comments
Post a Comment