টীয়কৰ লাহদৈগড় আৰক্ষীৰ সফলতা: গ্ৰেপ্তাৰ ৫ মটৰ চাইকেল চোৰ

 
আমগুৰি, ২৪ আগষ্ট : যোৱা নিশা আৰু আজি বিয়লি যোৰহাট জিলাৰ টীয়কৰ লাহদৈগড় আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এখন স্কুটি ( As 035 /4562 ) আৰু এখন নীলা ৰঙৰ পালচাৰ ( As- 03A / B 3944) সহ ৫ টা চোৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।জানিব পৰা মতে আৰক্ষী চকীৰ সহ: উপ পৰিদৰ্শক অজিত বৰা আৰু উপ: পৰিদৰ্শক খগেশ্বৰ ডেকাৰ নেতৃত্বত চটাই ধাবা আৰু চেনিজান পশুগঁড়ৰ পৰা চুৰি হোৱা প্ৰথমে স্কুতি খন যোৰহাটৰ মহবন্ধাৰ পৰা উদ্ধাৰ কৰা লগতে পালচাৰ বাইক খন চেনিজান পশুগড়ৰ পৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তাৰে ৫ জন চোৰৰ ভিতৰত যাদৱ শইকীয়া ( তিতাবৰ) পবিত্ৰ দাস ( যোৰহাট দিগম্বৰ চুক)ৰোহন ভূঞা ( পুলিবৰ)সত্য তাঁতী ( মহবন্ধা) । তাতে পবিত্ৰ দাস আৰু প্ৰশান্ত দাস হিচাপে দিগম্বৰ চুকত থাকে যদিও তেওঁলোকৰ ঘৰ গোলাঘাটত বুলি আৰক্ষী সূত্ৰত জানিব পৰা গৈছে । উল্লেখযোগ্য যে আৰক্ষীৰ জালত পৰা অপৰাধী কেইটাৰ বয়স ২০ পৰা ২৮ ভিতৰত হোৱাই সচেতন মহলক ভবাই তুলিছে।

Comments

Popular posts from this blog

সোমবাৰৰ পৰা চাৰিখন জিলাত সম্পূৰ্ণ ‘লকডাউন’ ঘোষণা ৰাজ্য চৰকাৰৰ, ক’ত ক’ত সবিশেষ পঢ়ক আৰু জানি লওঁক....!

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

কাৰাগাৰত ধৰ্মান্তকৰণ এজন ব্যক্তি