সদৌ অসম বৃত্তিমূলক শিক্ষক সন্থাৰ তৰফৰ পৰা বিধায়কক বিভিন্ন দাবী সন্মিলিত স্মাৰকপত্ৰ প্ৰদান।
২০১৬ চনৰে পৰা অসমৰ বিভিন্ন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত কৰ্মৰত বৃত্তিমূলক শিক্ষক সকলোৰ বিভিন্ন সমস্যা সমূহ পূৰন কৰিবলৈ আজি সদৌ অসম বৃত্তিমূলক শিক্ষক সন্থাৰ ধুবুৰী জিলা সমিতিৰ বিষয়ববীয়া সকলে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীক সাক্ষাত কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে। বিধায়ক সিংহীয়ে সমস্যা সমূহ শিক্ষামন্ত্রীক অৱগত কৰাৰ উপৰিও সমাধান কৰাৰ ক্ষেত্রত সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।
সদৌ অসম বৃত্তিমূলক শিক্ষক সন্থাৰ ধুবুৰী জিলা সমিতিৰ বিষয়ববীয়া প্ৰমিচ আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰত শিক্ষক সকলোৰ চাকৰীসমূহ নিয়মীয়াকৰন, চাকৰী সমূহৰ নিৰাপত্তা প্ৰদান, সকলো বৃত্তিমূলক শিক্ষকৰ সমপৰ্যায়ৰ দৰমহা প্ৰদান, চাকৰীসমূহ তৃতীয় পক্ষৰ পৰা চৰকাৰীকৰন আৰু বাৰ্ষিক দৰমহা বৃদ্ধি আদি বিভিন্ন দাবী সন্মিলিত স্মাৰকপত্ৰ প্ৰদান কৰে আৰু অতি সোনকালে সমস্যা সমূহ সমাধান কৰাৰ বাবে চৰকাৰক দাবী জনায় বুলি সাংবাদিকক জানিবলৈ দিয়ে।
চাপৰৰ পৰা আলী আকবৰৰ ৰিপোৰ্ট ।।
Comments
Post a Comment