Posts

Showing posts from January, 2021

আৰক্ষীয়ে মুখত গচকি থকা ৰঞ্জিত সিঙৰ ফটো ভাইৰেল: ছচিয়েল মিডিয়াই আখ্যা দিলে ‘পাঞ্জাৱী জর্জ ফ্লাইড’

Image
আছাম লাইফ ২৪ : ছচিয়েল মিডিয়াত যোৱা দুদিনৰ পৰা এখন ফটো খুব ভাইৰেল হৈছে আৰু ছচিয়েল মিডিয়াত বহু লোকে সেই ফটোক ‘পাঞ্জাৱী জর্জ ফ্লাইড’ আখ্যা দিছে। কিয় আৰক্ষীয়ে ৰঞ্জিত সিঙৰ ওপৰত অমানৱীয় কৰিছিল?  ২৯ জানুৱাৰীত সিংঘু বৰ্ডাৰত কৃষি আইনৰ বিৰুদ্ধে কৃষকে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে সিংঘু বৰ্ডৰৰ স্থানীয় লোক বুলি দাবী কৰা তথাকথিত কিছু লোকে কৃষকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কৃষকক ৰাজপথ খালি কৰিবলৈ দাবী উত্থাপন কৰিছিল। সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে স্থানীয় লোক বুলি দাবী কৰা সেই সকল বিজেপি আৰু হিন্দু সেনা নামৰ এটা সংগঠনৰ আছিল। তথাকথিত স্থানীয় লোকসকলে  কৃষকলৈ শিলগুটি নিক্ষেপ কৰাৰ উপৰিও কৃষকৰ টেণ্ট ভাঙি দিয়াৰ ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে কৃষকৰ টেণ্ট ভাঙি দিয়াৰ সময়ত আৰক্ষীয়ে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছিল। সেই সময়তে ২২ বছৰীয়া ৰঞ্জিত সিঙ নামৰ আন্দোলনকাৰী জনে আৰক্ষীক তৰোৱালেৰে আক্ৰমণ কৰাৰ খবৰো সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। ৰঞ্জিত সিঙে তৰোৱাল উলিওয়াৰ পিছতেই আৰক্ষীয়ে ৰঞ্জিত সিঙৰ ওপৰত অমানৱীয় ভাৱে অত্যাচাৰ কৰাৰ উপৰিও মুখত জোতাৰে গচকাৰ এই ফটো ছ

উচ্চতম ন্যায়ালয়ে তিনিখন কৃষি আইনত জাৰি কৰিলে স্থগিতাদেশঃ গঠন কৰিলে কমিটি

Image
আছাম লাইফ২৪ : কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখনকৈ গৃহীত কৰা তিনিখনকৈ কৃষি আইন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে আৰু লগতে এই সমস্যাৰ সমাধান কৰিবলৈ ভাৰতীয় কিষাণ ইউনিয়নৰ জিতেন্দ্ৰ সিং মান, ডাঃ প্ৰমোদ কুমাৰ যোশী, কৃষি বিশেষজ্ঞ অশোক গুলাটি আৰু অনিল ছেথকাৰীক লৈ এখন চাৰিজনীয়া কমিটি গঠন কৰিছে।  অৱশ্যে কৃষি আইনক লৈ উচ্চতম ন্যায়ালয়ত শুনানি চলি থকাৰ সময়ত আদালতত কৃষকৰ পক্ষ উপস্থাপন কৰা অধিবক্তাই জানিবলৈ দিয়ে যে কৃষকসকল উচ্চতম ন্যায়ালয়ে গঠন কৰা কমিটিৰ পক্ষত নাই আৰু তেওঁলোক সেই কমিটিৰ সন্মুখত উপস্থিত হ’বলৈ আগ্ৰহ প্ৰকাশ কৰা নাই। তাৰ উত্তৰত উচ্চতম ন্যায়ালয়ে কয় “যদি কৃষক চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’ব পাৰে, তেতিয়াহলে কমিটিৰ ওচৰলৈ কিয় আহিব নোৱাৰে? যদি তেওঁলোকে ইয়াৰ সমাধান বিচাৰিছে, তেতিয়াহ’লে তেওঁলোক কমিটিৰ সন্মুখত উপস্থিত নোহোৱাৰ দৰে কথা আমি শুনিব বিচৰা নাই।” আদালতে কয় যে আদালতৰ কমিটি গঠন কৰাৰ অধিকাৰ আছে। যিসকলে সঁচাকৈ ইয়াৰ সমাধান বিচাৰে, তেওঁলোক কমিটিৰ সন্মুখলৈ যাব পাৰে। আদালতে কয় যে, এই কমিটি আমি আমাৰ বাবে গঠন কৰিছো। কমিটিয়ে আদালতত প্

চৰকাৰী কৰ্মচাৰী সকলৰ বাবে সু- খবৰ!

Image
মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। চৰকাৰী কৰ্মচাৰী সকলৰ বাবে সু -খবৰ। চৰকাৰী কৰ্মচাৰী সকলে বন্ধ পাব মাঘ বিহুৰ উৰুকাত। ঘৰৰ পৰিয়ালৰ সৈতে একেলগে বহি উৰুকা পালন কৰিব পাৰিব চৰকাৰী কৰ্মচাৰী সকলে। ১৩ জানুৱাৰীত এই দিনটোত ৰাজ্য চৰকাৰে, চৰকাৰী কৰ্মচাৰী সকলৰ বাবে সীমিত বন্ধৰ কথা ঘোষণা কৰিছে।

২০২১ত বিজেপিক উৎখাত কৰিবলৈ আহ্বান প্ৰাক্তন বিধায়ক তাৰা প্ৰসাদ দাসৰ

Image
বিজেপিক উৎখাত কৰিবলৈ আহ্বান প্ৰাক্তন বিধায়ক তাৰা প্ৰসাদ দাসৰ Assam Live24 ,  ষ্টাফ ৰিপোৰ্ট, বৰপেটাঃ  বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমূ চাপি আহিছে ,সিমানেই বিভিন্ন ৰাজনৈতিক দলৰ সাম্ভাব্য প্ৰাৰ্থী সকলৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে|  বুধবাৰে আবেলি ৪ বজাত হাউলীৰ সমীপৰ কঠলিঝাৰ সাধু বজাৰ যুৱ সমাজৰ উদ্যোগত এখন মত বিনিময় সভা অনুষ্ঠিত হয়| হাজীপাৰা মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আবুল কালাম আজাদৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত আমছুৰ প্ৰাক্তন সভাপতি ছবিবৰ ৰহমানে উপস্থিত থাকি কয় যে, বিজেপিৰ স্বৈৰাচাৰী শাসন তথা ধৰ্মীয় সাম্প্ৰদায়িক শক্তিক উৎখাত কৰি ধৰ্ম নিৰপেক্ষ চৰকাৰ গঠন কৰাৰ বাবে কংগ্ৰেছৰ হাত মজবুত কৰিবলৈ ৰাইজক আহ্বান জনায় |  উক্ত সভাত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তাৰা প্ৰসাদ দাসে উপস্থিত থাকি কয় যে, বিজেপিয়ে সদায় ধৰ্মৰ নামত জাত-পাতৰ ৰাজনীতি কৰি সমাজ খনক ভাগ ভাগ কৰিব বিচাৰে, কিন্তু আমাৰ কংগ্ৰেছ দলে সকলো জাতি-জনগোষ্ঠীক সম মৰ্যদা দি আহিছে আৰু দি থাকিব বুলি মন্তব্য কৰে | বিজেপিৰ এই অপ-শাসনৰ পৰা মুক্তি পাবলৈ ৰাইজে একত্ৰিত হৈ কংগ্ৰেছৰ ভেট

হাউলীৰ কলবাৰীত পিতৃ-মাহিমাকৰ দ্বাৰা পুত্ৰ হত্যা, অঞ্চলজোৰা তীব্ৰ চাঞ্চল্য, আটক তিনিজন।

Image
নিউজ লাইফ ২৪, ষ্টাফ ৰিপোৰ্ট, ৭ জানুৱাৰীঃ বৰপেটা জিলাৰ হাউলীৰ মৈৰামাৰা গাওঁ পঞ্চায়তৰ অধীনস্থ কলবাৰী (ফুলকীপাৰ) গাঁৱৰ পিতৃ আৰু মাহিমাকে পুত্ৰক হানি-খুচি  হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে | জানিব পৰা মতে হাউলী আৰক্ষী থানাৰ অন্তৰ্গত ফুলকীপাৰা গাঁৱৰ নেৱাজ খান আৰু তেওঁৰ দ্বিতীয় পত্নীয়ে নিজ পুত্ৰ সাতাইশ বছৰীয়া ছাদ্দাম খানক মঙ্গলবাৰে নিশাৰ ভাগত  শোৱাপাটিৰ পৰা উঠাই আনি সাধাৰণ কথাত কাজিয়াৰ সূত্ৰপাত ঘটাই ছাদ্দাম খানক হানি-খুচি হত্যা কৰে বুলি স্থানীয় ৰাইজৰ মাজত অভিযোগ উত্থাপিত হৈছে | দীৰ্ঘ দিন ধৰি নেৱাজ খানৰ পৰিয়ালত মাটি-সম্পত্তিলৈ কাজিয়া পেচাল হৈ আহিছিল |  সিদিনা নিশা অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পিছত এই জঘন্য হত্যাকাণ্ডটো ঘটে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে | ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে  বুধবাৰে বৰপেটা  ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটাললৈ প্ৰেৰণ কৰে | ইতিমধ্যে উক্ত ঘটনাৰ লগত জড়িত পিতৃ নেৱাজ খান,মাতৃ আৰু ভাতৃক হাউলী আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে | আৰক্ষীয়ে এই হত্যাকাণ্ড  সন্ধৰ্ভত

বাংগালুৰৰ পৌৰসভাত মুছলমানৰ নামত ৰাস্তা নামাকৰণ বাতিল হোকঃ বিজেপিৰ সাংসদ তেজস্বী সূৰ্য্য।

Image
#আছাম_লাইফ_২৪, #ষ্টাফ_ৰিপোৰ্টঃ বাংগালোৰোৰ কাষতে থকা বিবিএমপি মুছলমানৰ নামত তথ্য আৰু প্ৰযুক্তি নগৰীৰ সংখ্যালঘু এলেকাত থকা কেইবাটাও ৰাস্তা নতুনকৈ নামাকৰণ কৰাৰ অভিযোগ কৰি পৌৰ কমিশ্যনাৰ এন মঞ্জুনাথক চিঠি দিলে বিজেপিৰ সাংসদ তেজস্বী সূৰ্য্যই। ইয়াৰ অন্তৰালত দ্বিজাতি তত্বৰ সাম্প্ৰদায়িক মানসিকতা আছে বুলি অভিমত কৰি পৌৰ কতৃপক্ষৰ ওচৰত জনজীৱনত পৰিচিত অ-মুছলিম ব্যক্তিত্ববোৰৰ নামেৰে ৰাস্তাৰ নামাকৰণৰ দাবী কৰিলে তেওঁ। এটি কন্নৰ দৈনিক প্ৰকাশিত সংবাদৰ পৰিপেক্ষিতত বেংগালুৰু দক্ষিনৰ বিজেপিৰ সাংসদৰ অভিযোগ, বিবিএমপি তালিকাত কেৱল মুছলমানৰ নাম আছে। মুছলমানসকলৰ অধ্যুষিত এলেকাৰ ৰাস্তাৰ নাম কেৱল মুছলমানসকলৰ নামেই ৰখাৰ মানসিকতা দ্বিজাতি তত্বৰ সেই একেই মানসিকতাৰ আৰু মুছলিম লিগেৰ হিন্দু, মুছলমানৰ বাবে পৃথক ভোটৰ দাবীৰ প্ৰতিধ্বনি আছে। এইটো বিপদজনক, ইয়াৰ তিব্ৰু নিন্দা কৰা উচিত বুলি মন্তব্য কৰিলে সাংসদ গৰাকীয়ে।

সু-উচ্চ পাহাৰৰ ওপৰত প্ৰেমিকে দিলে বিয়াৰ প্ৰস্তাৱ! আনন্দৰ মুহূৰ্তৰ মাজতে ভৰি পিছলি ৬৫০ মিটাৰ তলত পৰিল প্ৰেমিকা

Image
সূৰ্যাস্ত, মুক্ত আকাশ! পাহাৰৰ এটা কোণত, য’ত চিঞৰি প্ৰ’পোজ কৰিলে উত্তৰ দিয়ে পাহাৰে। কিন্তু সেই সময়ত কিছু সাৱধানতা অৱলম্বন কৰাৰো প্ৰয়োজন। কাৰণ বিপদ কেতিয়া আহিব, কোনে জানে? প্ৰেমিক আৰু প্ৰেমিকা অষ্ট্ৰিয়াৰ বাসিন্দা। পাহৰৰ নিৰ্জন এটা কোণত ৰৈ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত প্ৰেমিকাক প্ৰেমিকে দিয়ে বিয়াৰ প্ৰস্তাৱ। লগে লগে প্ৰেমিকাৰ মন আনন্দৰে ভৰি পৰিল। চিঞৰি চিঞৰি সন্মতি জনালে প্ৰেমিকৰ প্ৰস্তাৱক। কিন্তু সেই সময়তে সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা।

মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

Image
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সূচাৰুৰূপে সম্পাদন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ। ফেব্ৰুৱাৰীৰ বিপৰীতে মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব কলা, বিজ্ঞান ,বাণিজ্য তিনিওটা শাখাৰ পৰীক্ষা পৰীক্ষাত যাতে কোনোধৰণৰ বিসংগতি  নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা সূচাৰুৰূপে সম্পাদন কৰিবলৈ যাৱতীয়  প্ৰস্তুতি আৰম্ভ কৰিছে শিক্ষা সংসদে। ইতিমধ্যে সংসদৰ সচিব ড০ ৰমেশ চন্দ্ৰ চুতিয়াৰ নেতৃত্বত  গঠন কৰা হৈছে উচ্চ পৰ্যায়ৰ কমিটি। ৩১ ডিচেম্বৰত শিক্ষা সংসদৰ কাৰ্যালয়ত এই সন্দৰ্ভত অনুষ্ঠিত হয় এখন বৈঠক। বৈঠকৰ অন্তত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কৰ'ণা ভাইৰাছৰ প্ৰভাৱৰ ফলত প্ৰায় দহমাহ ধৰি বন্ধ হৈ আছিল শিক্ষানুষ্ঠানসমূহ। আনহাতে পৰীক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি চলিত বর্ষত ৩০শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰিছে শিক্ষা সংসদে। কেৱল সেয়াই নহয় বিগত বৰ্ষ সমূহত স্বচ্ছ ভাৱে পৰীক্ষাৰ অনুষ্ঠিত কৰিব নোৱাৰা কেন্দ্ৰ সমূহৰ স্বীকৃতি বাতিল হোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত। আনহাতে পূৰ্বৰ দৰে শীৰ্ষ ১০টা স্থানেই

সকলোৰে বাবে বিনামূলীয়া হ'ব কৰ'ণা ভাইৰাছৰ ভেকচিন

Image
কৰ'ণা ভাইৰাছ ভেকচিনৰ ড্ৰাই ৰাণৰ সময়তেই কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা। সমগ্ৰ দেশবাসীৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হ'ব কৰ'ণা ভাইৰাছৰ ভেকচিন। কৰ'ণা ভাইৰাছ ভেকচিনৰ ড্ৰাই ৰাণ আৰম্ভ হোৱাৰ সময়তেই এই ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। সমগ্ৰ দেশতেই আৰম্ভ হৈছে কৰ'ণা ভাইৰাছৰ ভেকচিনৰ ড্ৰাই ৰাণ। প্ৰত্যেক ৰাজ্যৰে ৰাজধানীত হ'ব ভেকচিনৰ ড্ৰাই ৰাণ। ৰাজ্যৰ প্ৰত্যেকটো প্ৰান্তৰ সাধাৰণ ৰাইজে ভেকচিন টীকাকৰণৰ সুবিধা লাভ কৰাৰ উদ্দেশ্যে আৰম্ভ হৈছে ভেকচিনৰ ড্ৰাই ৰাণ। তথ্য অনুসৰি প্ৰত্যেক কেন্দ্ৰতেই প্ৰথমে ২৫ জনকৈ লোকক কৰা হ'ব টীকাকৰণ।  উল্লেখ্য যে ভেকচিনৰ টীকাকৰণৰ পূৰ্বে বৰ্তমান ৯৬ হাজাৰ ভেকচিনেটৰ বিষয়াক প্ৰশিক্ষণ দিয়াৰ কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে। National Training Of Trainersৰ অধীনত ইতিমধ্যে ২,৩৬০ ভেকচিনেটৰক প্ৰশিক্ষণ দিয়া হৈছে। উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়াত মুঠ ৩০ কোটি লোকক সামৰি লোৱাৰ পৰিকল্পনা স্বাস্থ্য বিভাগৰ।