হাউলীৰ কলবাৰীত পিতৃ-মাহিমাকৰ দ্বাৰা পুত্ৰ হত্যা, অঞ্চলজোৰা তীব্ৰ চাঞ্চল্য, আটক তিনিজন।

নিউজ লাইফ ২৪, ষ্টাফ ৰিপোৰ্ট, ৭ জানুৱাৰীঃ বৰপেটা জিলাৰ হাউলীৰ মৈৰামাৰা গাওঁ পঞ্চায়তৰ অধীনস্থ কলবাৰী (ফুলকীপাৰ) গাঁৱৰ পিতৃ আৰু মাহিমাকে পুত্ৰক হানি-খুচি  হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে | জানিব পৰা মতে হাউলী আৰক্ষী থানাৰ অন্তৰ্গত ফুলকীপাৰা গাঁৱৰ নেৱাজ খান আৰু তেওঁৰ দ্বিতীয় পত্নীয়ে নিজ পুত্ৰ সাতাইশ বছৰীয়া ছাদ্দাম খানক মঙ্গলবাৰে নিশাৰ ভাগত  শোৱাপাটিৰ পৰা উঠাই আনি সাধাৰণ কথাত কাজিয়াৰ সূত্ৰপাত ঘটাই ছাদ্দাম খানক হানি-খুচি হত্যা কৰে বুলি স্থানীয় ৰাইজৰ মাজত অভিযোগ উত্থাপিত হৈছে | দীৰ্ঘ দিন ধৰি নেৱাজ খানৰ পৰিয়ালত মাটি-সম্পত্তিলৈ কাজিয়া পেচাল হৈ আহিছিল | 
সিদিনা নিশা অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পিছত এই জঘন্য হত্যাকাণ্ডটো ঘটে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে | ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে  বুধবাৰে বৰপেটা  ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটাললৈ প্ৰেৰণ কৰে | ইতিমধ্যে উক্ত ঘটনাৰ লগত জড়িত পিতৃ নেৱাজ খান,মাতৃ আৰু ভাতৃক হাউলী আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে | আৰক্ষীয়ে এই হত্যাকাণ্ড  সন্ধৰ্ভত জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে |

Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে