উচ্চতম ন্যায়ালয়ে তিনিখন কৃষি আইনত জাৰি কৰিলে স্থগিতাদেশঃ গঠন কৰিলে কমিটি
আছাম লাইফ২৪: কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখনকৈ গৃহীত কৰা তিনিখনকৈ কৃষি আইন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে আৰু লগতে এই সমস্যাৰ সমাধান কৰিবলৈ ভাৰতীয় কিষাণ ইউনিয়নৰ জিতেন্দ্ৰ সিং মান, ডাঃ প্ৰমোদ কুমাৰ যোশী, কৃষি বিশেষজ্ঞ অশোক গুলাটি আৰু অনিল ছেথকাৰীক লৈ এখন চাৰিজনীয়া কমিটি গঠন কৰিছে।
অৱশ্যে কৃষি আইনক লৈ উচ্চতম ন্যায়ালয়ত শুনানি চলি থকাৰ সময়ত আদালতত কৃষকৰ পক্ষ উপস্থাপন কৰা অধিবক্তাই জানিবলৈ দিয়ে যে কৃষকসকল উচ্চতম ন্যায়ালয়ে গঠন কৰা কমিটিৰ পক্ষত নাই আৰু তেওঁলোক সেই কমিটিৰ সন্মুখত উপস্থিত হ’বলৈ আগ্ৰহ প্ৰকাশ কৰা নাই।তাৰ উত্তৰত উচ্চতম ন্যায়ালয়ে কয় “যদি কৃষক চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’ব পাৰে, তেতিয়াহলে কমিটিৰ ওচৰলৈ কিয় আহিব নোৱাৰে? যদি তেওঁলোকে ইয়াৰ সমাধান বিচাৰিছে, তেতিয়াহ’লে তেওঁলোক কমিটিৰ সন্মুখত উপস্থিত নোহোৱাৰ দৰে কথা আমি শুনিব বিচৰা নাই।”
আদালতে কয় যে আমি এই সমস্যাটোৰ এটা ভাল সমাধান উলিয়াবলৈ চেষ্টা কৰি আছো। আমি সমস্যাৰ সমাধান বিচাৰিছো। আমি ধৰাতলৰ কথাবোৰ জানিবৰ বাবেই এই কমিটি গঠন কৰিছো। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কয় যে আমি আইনখন ছাচপেণ্ড কৰিবলৈ তৈয়াৰ হৈ আছো, কিন্তু কোনো লক্ষ্যত উপনীত নোহোৱাকৈ নহয়।
আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।
Comments
Post a Comment