বাংগালুৰৰ পৌৰসভাত মুছলমানৰ নামত ৰাস্তা নামাকৰণ বাতিল হোকঃ বিজেপিৰ সাংসদ তেজস্বী সূৰ্য্য।


#আছাম_লাইফ_২৪, #ষ্টাফ_ৰিপোৰ্টঃ বাংগালোৰোৰ কাষতে থকা বিবিএমপি মুছলমানৰ নামত তথ্য আৰু প্ৰযুক্তি নগৰীৰ সংখ্যালঘু এলেকাত থকা কেইবাটাও ৰাস্তা নতুনকৈ নামাকৰণ কৰাৰ অভিযোগ কৰি পৌৰ কমিশ্যনাৰ এন মঞ্জুনাথক চিঠি দিলে বিজেপিৰ সাংসদ তেজস্বী সূৰ্য্যই। ইয়াৰ অন্তৰালত দ্বিজাতি তত্বৰ সাম্প্ৰদায়িক মানসিকতা আছে বুলি অভিমত কৰি পৌৰ কতৃপক্ষৰ ওচৰত জনজীৱনত পৰিচিত অ-মুছলিম ব্যক্তিত্ববোৰৰ নামেৰে ৰাস্তাৰ নামাকৰণৰ দাবী কৰিলে তেওঁ।

এটি কন্নৰ দৈনিক প্ৰকাশিত সংবাদৰ পৰিপেক্ষিতত বেংগালুৰু দক্ষিনৰ বিজেপিৰ সাংসদৰ অভিযোগ, বিবিএমপি তালিকাত কেৱল মুছলমানৰ নাম আছে। মুছলমানসকলৰ অধ্যুষিত এলেকাৰ ৰাস্তাৰ নাম কেৱল মুছলমানসকলৰ নামেই ৰখাৰ মানসিকতা দ্বিজাতি তত্বৰ সেই একেই মানসিকতাৰ আৰু মুছলিম লিগেৰ হিন্দু, মুছলমানৰ বাবে পৃথক ভোটৰ দাবীৰ প্ৰতিধ্বনি আছে। এইটো বিপদজনক, ইয়াৰ তিব্ৰু নিন্দা কৰা উচিত বুলি মন্তব্য কৰিলে সাংসদ গৰাকীয়ে।

Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে