মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সূচাৰুৰূপে সম্পাদন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে শিক্ষা সংসদে
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ। ফেব্ৰুৱাৰীৰ বিপৰীতে মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব কলা, বিজ্ঞান ,বাণিজ্য তিনিওটা শাখাৰ পৰীক্ষা
পৰীক্ষাত যাতে কোনোধৰণৰ বিসংগতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা সূচাৰুৰূপে সম্পাদন কৰিবলৈ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে শিক্ষা সংসদে। ইতিমধ্যে সংসদৰ সচিব ড০ ৰমেশ চন্দ্ৰ চুতিয়াৰ নেতৃত্বত গঠন কৰা হৈছে উচ্চ পৰ্যায়ৰ কমিটি। ৩১ ডিচেম্বৰত শিক্ষা সংসদৰ কাৰ্যালয়ত এই সন্দৰ্ভত অনুষ্ঠিত হয় এখন বৈঠক। বৈঠকৰ অন্তত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
কৰ'ণা ভাইৰাছৰ প্ৰভাৱৰ ফলত প্ৰায় দহমাহ ধৰি বন্ধ হৈ আছিল শিক্ষানুষ্ঠানসমূহ। আনহাতে পৰীক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি চলিত বর্ষত ৩০শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰিছে শিক্ষা সংসদে।
কেৱল সেয়াই নহয় বিগত বৰ্ষ সমূহত স্বচ্ছ ভাৱে পৰীক্ষাৰ অনুষ্ঠিত কৰিব নোৱাৰা কেন্দ্ৰ সমূহৰ স্বীকৃতি বাতিল হোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত। আনহাতে পূৰ্বৰ দৰে শীৰ্ষ ১০টা স্থানেই পৰীক্ষাত বাহাল থাকিব বুলি জানিবলৈ দিয়ে শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁইয়ে।
Comments
Post a Comment