সকলোৰে বাবে বিনামূলীয়া হ'ব কৰ'ণা ভাইৰাছৰ ভেকচিন

কৰ'ণা ভাইৰাছ ভেকচিনৰ ড্ৰাই ৰাণৰ সময়তেই কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা। সমগ্ৰ দেশবাসীৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হ'ব কৰ'ণা ভাইৰাছৰ ভেকচিন। কৰ'ণা ভাইৰাছ ভেকচিনৰ ড্ৰাই ৰাণ আৰম্ভ হোৱাৰ সময়তেই এই ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ।

সমগ্ৰ দেশতেই আৰম্ভ হৈছে কৰ'ণা ভাইৰাছৰ ভেকচিনৰ ড্ৰাই ৰাণ। প্ৰত্যেক ৰাজ্যৰে ৰাজধানীত হ'ব ভেকচিনৰ ড্ৰাই ৰাণ। ৰাজ্যৰ প্ৰত্যেকটো প্ৰান্তৰ সাধাৰণ ৰাইজে ভেকচিন টীকাকৰণৰ সুবিধা লাভ কৰাৰ উদ্দেশ্যে আৰম্ভ হৈছে ভেকচিনৰ ড্ৰাই ৰাণ। তথ্য অনুসৰি প্ৰত্যেক কেন্দ্ৰতেই প্ৰথমে ২৫ জনকৈ লোকক কৰা হ'ব টীকাকৰণ। 

উল্লেখ্য যে ভেকচিনৰ টীকাকৰণৰ পূৰ্বে বৰ্তমান ৯৬ হাজাৰ ভেকচিনেটৰ বিষয়াক প্ৰশিক্ষণ দিয়াৰ কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে। National Training Of Trainersৰ অধীনত ইতিমধ্যে ২,৩৬০ ভেকচিনেটৰক প্ৰশিক্ষণ দিয়া হৈছে। উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়াত মুঠ ৩০ কোটি লোকক সামৰি লোৱাৰ পৰিকল্পনা স্বাস্থ্য বিভাগৰ।

Comments

Popular posts from this blog

সোমবাৰৰ পৰা চাৰিখন জিলাত সম্পূৰ্ণ ‘লকডাউন’ ঘোষণা ৰাজ্য চৰকাৰৰ, ক’ত ক’ত সবিশেষ পঢ়ক আৰু জানি লওঁক....!

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

কাৰাগাৰত ধৰ্মান্তকৰণ এজন ব্যক্তি