Posts

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

Image
বৰপেটাৰোডত ১৬৩ তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।  বিভিন্ন জনগোষ্ঠী, ধৰ্মালম্ভী লোকৰ মিলনভূমি সমন্নয়নগৰী বৰপেটাৰোডত কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ উদ্যোগত কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি অইন বছৰৰ দৰে এইবেলিওঁ "বিধায়ক বটা" প্ৰদানৰ বাবে বহু ভাষিক ৰবীন্দ্ৰ বিষয়ত প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।  ৰাতিপুৱা সাংস্কৃতিক শোভা যাত্ৰাৰে আৰম্ভ কৰা কাৰ্যসূচীত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা উলহ মালহেৰে পালন কৰে। "বিধায়ক বটা" প্ৰদানৰ লক্ষৰে অসমীয়া, বাংলা, বড়ো, হিন্দী, ইংৰাজীত আদি ভাষাত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা কাৰ্যসূচীত বিভিন্ন পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ সক্ষম হয়।  আজি সন্ধিয়া ৬ মান বজাত ৪০ নং সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বিধায়ক বটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীক বটা প্ৰদান কৰাৰ লগতে ২০ নং মথনগুৰীৰ এম.চি এল এ তথা বিটিআৰ'ৰ ই এম গৌতম দাসে সাংস্কৃতিক মঞ্চৰ দ্বাৰ উন্মোচন কৰে।  সদৌ শেষত কেন্দ্ৰীয় ৰবীন্দ্

হ্ৰাস হোৱা নাই কভিড, সেয়ে মুঠ ১৬ খনকৈ স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ। তিতাবৰত ঘোষণা কৰা হৈছে এই নিৰ্দেশনা।

Image
হ্ৰাস হোৱা নাই কভিড, সেয়ে মুঠ ১৬ খনকৈ স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ। তিতাবৰত ঘোষণা কৰা হৈছে এই নিৰ্দেশনা। কভিডৰ ভয়াবহ সংক্ৰমণৰ বাবে সম্প্ৰতি তিতাবৰত স্বাস্থ্য বিভাগ আৰু মহকুমা প্ৰশাসনে মুঠ ১৬ টাকৈ স্থানক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি কভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। পুৱাই তিতাবৰ নগৰৰ চাৰিআলি অঞ্চলৰ হৰিজন কলনীক প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে। বৃহত্তৰ অঞ্চলটোত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে চেনিটাইজেশ্যন কৰিছে। ৰাইজ আৰু প্ৰশাসনৰ সজাগ-সচেতনতাৰ বাবে শেহতীয়াকৈ তিতাবৰত কভিডত আক্ৰান্তৰ সংখ্যা কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও দৈনিক কভিডত বিভিন্নজন লোক আক্ৰান্ত হৈ আছে বুলি মহকুমা প্ৰশাসনৰ পৰা জানিব পৰা গৈছে।

হিংসা কৰা মানুহ চিনি পাবলৈ তিনিটা TIPS !!

Image
আপোনাক কোন মানুহে হিংসা কৰে জানিবলৈ তিনিটা TIPS !!    সদায় প্ৰমাণিত হৈ আহিছে যে আপোনাৰ বিষয়ে নজনা আপোনাক চিনি নোপোৱা মানুহ জনে কেতিয়াও হিংসা নকৰে বা আপোনাৰ বেয়া কামনা নকৰে। আপোনাক হিংসা কৰে সেইজন লোকে যিজন আপোনাৰ আত্মীয় কুটুম্ব হয় বা ওচৰ চুবুৰীয়া হয় নাইবা আপোনাৰ লগৰ হয় বা আপোনাৰ বন্ধু বা সহকৰ্মী বা প্ৰতিবেশী হয়। সেয়ে আপুনিও এই বিষাক্ত লোক সমুহক মনে মনে জানি থওঁক।   প্ৰথমতে জানিব সকলো মানুহে নিজৰ প্ৰশংসা বেলেগ ৰ মুখত শুনি ভাল পায়। ই মানুহৰ সহজাত প্রবৃত্তি। কিবা ভাল কাম কৰিলে মানুহে আপোনাক প্ৰসংশা কৰিব সঁচা। কিন্তু যদিহে কোনো কাৰণ নোহোৱাকৈ যদি কোনোবাই আপোনাক প্ৰশংসা কৰিছে জানিব নিশ্চয় কিবা কিন্তু আছে। বুজি লব যে তেওঁ কিবা ব্যক্তিগত স্বাৰ্থৰ বাবেহে এইটো কৰিছে বা তেওঁৰ অংক বেলেগত। বুজিব যে এই প্ৰসংশা কোনো প্ৰশংসা নহৈ আপোনাক কৰা তাচ্ছিল্য হে। এই লোকৰ মুখত মিঠা হাঁহি থাকিলেও মনত আপোনাৰ প্ৰতি বিষ সাঁচি ৰাখে। এনে লোকে কিন্তু আপোনাৰ সফলতাত কেতিয়াও আনন্দিত নহয় আৰু অইন লোকেও আপোনাক প্ৰশংসা কৰাটো সহিব নোৱাৰে। এনে বিষাক্ত লোকক চিনি থব।     দ্বিতীয়তে, আপোনাৰ ওচৰে পাজৰে বা নিজৰ আত্মীয় ৰ

মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ পূৰ্বে সমবায় মন্ত্ৰালয় গঠন "সৰকাৰ চে সমৃদ্ধি" দৃষ্টিভংগী আগত ৰাখি আগবঢ়াই নিয়া হ'ব বিভাগটো

Image
AssamLive24:: মোডী কেবিনেটৰ  সম্প্ৰসাৰণ হোৱাৰ পূৰ্বেই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মঙলবাৰে নতুনকৈ সমবায় মন্ত্ৰালয় (Ministry of Cooperation)গঠনৰ কথা ঘোষণা কৰে মোদী মন্ত্ৰীসভাই । দেশত সমবায় আন্দোলন শক্তিশালী কৰাৰ লক্ষ্যৰে এক পৃথক প্ৰশাসনিক, নীতিগত পৰিকাঠামোৰে গঠন কৰা হ'ব এই মন্ত্ৰালয়। তথ্য অনুসৰি নতুন মন্ত্ৰালয়ে "সহকাৰ চে সমৃদ্ধি" (সমবায়ৰ পৰা সমৃদ্ধিলৈ) দৃষ্টিভংগী আগত ৰাখি বিভাগটোৰ বিভিন্ন কাম-কাজসমূহ আগবঢ়াই নিব। উল্লেখ্য যে, এক সমবায় অৰ্থনৈতিক বিকাশৰ আৰ্হি ভাৰতত বৰ্তমান সময়ত অতি প্ৰাসংগিক হৈ পৰিছে। ইয়াৰ জৰিয়তে প্ৰতিজন সদস্যই অতি দায়িত্ব সহকাৰে নিজৰ বিভাগীয় কাম-কাজ সম্পাদন কৰিব বুলি আশাবাদী কেন্দ্ৰীয় চৰকাৰ। নতুন মন্ত্ৰালয়ে সমবায়সমূহৰ বাবে ব্যৱসায় কৰাৰ ক্ষেত্ৰত অধিক সহায় তথা সুবিধা কৰাৰ লগতে বহু-ৰাজ্যিক সমবায়ৰ বিকাশৰ প্ৰক্ৰিয়াও সুশৃংখল কৰাৰ বাবে কাম কৰিব। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোদী চৰকাৰৰ এই পদক্ষেপক প্ৰশংসা কৰি টুইটযোগে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তই চৰকাৰক সমবায় মন্ত্ৰালয় গঠনৰ লগতে ইয়াৰ কাম-কাজসমূহ আগবঢ়াই ন

কাৰাগাৰত ধৰ্মান্তকৰণ এজন ব্যক্তি

Image
  AssamLive24::  কাৰাগাৰত ধৰ্ম সলনি কৰি পুনৰ কাৰাবাসৰ দিশে এগৰাকী কাৰবন্দী। কাৰাবন্দী উত্তৰ প্ৰদেশৰ তাৰাচান্দে বন্ধ কোঠৰীতেই সলনি কৰিছিল নিজৰ ধৰ্ম। হত্যাকাণ্ডৰ অভিযোগত কাৰাবাস খাটিছিল ব্যক্তিগৰাকীয়ে। পত্নীৰ অবৈধ প্ৰেমিকক হত্যা কৰি ৪২ মাহ জেলত কটাবলগীয়া হৈছিল তাৰাচান্দে। সুদীৰ্ঘ ৪২ মাহৰ অন্তত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল যদিও ধৰ্মান্তৰকৰণৰ অভিযোগত অন্য এক গোচৰ ৰুজু হয় তাৰাচান্দৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, উত্তৰ প্ৰদেশৰ মৌখাচ গাঁৱৰ তাৰাচন্দ প্ৰকৃততে হিন্দু ধৰ্মৰ ব্যক্তি। কিন্তু কাৰাবন্দী অৱস্থাতেই ইছলাম ধৰ্ম গ্ৰহণ কৰি নামাজ পঢ়িবলৈ লয় ব্যক্তিগৰাকীয়ে। ধৰ্মান্তৰকৰণৰ পাছত নিজৰ দাড়ি দীঘল কৰে তাৰাচন্দে। কাৰামুক্ত হোৱাৰ পাছত পোহৰলৈ আহে এই কথা। ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। সম্প্ৰতি তাৰাচান্দক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। নামাজ পঢ়াৰ উপৰিও হিন্দু দেৱ-দেৱীকো পূজা অৰ্চনা আগবঢ়ায় ব্যক্তিগৰাকীয়ে। তাৰাচান্দ ঘৰলৈ ঘূৰি অহাৰ পাছত যেতিয়া নামাজ পঢ়িবলৈ লয় আচম্বিত পৰিয়াল তথা অঞ্চলবাসীয়ে ইয়াৰ বিৰোধীতা কৰাৰ লগতে ধৰ্মান্তৰকৰণৰ অভিযোগত গোচৰ

সোমবাৰৰ পৰা চাৰিখন জিলাত সম্পূৰ্ণ ‘লকডাউন’ ঘোষণা ৰাজ্য চৰকাৰৰ, ক’ত ক’ত সবিশেষ পঢ়ক আৰু জানি লওঁক....!

Image
সোমবাৰৰ পৰা চাৰিখন জিলাত সম্পূৰ্ণ ‘লকডাউন’ ঘোষণা ৰাজ্য চৰকাৰৰ, ক’ত ক’ত সবিশেষ পঢ়ক – ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি সন্দৰ্ভৰ প্ৰতি লক্ষ্য ৰাখি আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে। ক’ভিড পৰিস্থিতি উন্নত নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা, বিশ্বনাথ, মৰিগাঁও জিলাক সম্পূৰ্ণ কনটেইনমেণ্ট ঘোষণা কৰে। ইয়াৰ উপৰি গোলাঘাট জিলাৰ বোকাখাত মহকুমাকো সম্পূৰ্ণ কনটেইনমেণ্ট ঘোষণা কৰে ৰাজ্য চৰকাৰে। এই তিনিখন জিলাৰ লগতে বোকাখাত মহকুমাত অহা সোমবাৰৰ পৰা এসপ্তাহলৈ এই নিৰ্দেশনা প্ৰযোজ্য হ’ব। কনটেইনমেণ্ট ঘোষণা কৰা জিলা আৰু অঞ্চলটোত জৰুৰীকালীন সেৱা অব্যাহত থকাৰ উপৰি গ্ৰোচাৰি দোকান সমূহ বিয়লি ৫ বজালৈ খোলা ৰাখিব পাৰিব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা অনুসৰি দহজনতকৈ অধিক আক্ৰান্ত থকা ৰাজ্যৰ ২৪৭ টা অঞ্চলত সম্পূৰ্ণ কনটেইনমেণ্ট জাৰি কৰা হ’ব। তদুপৰি ৪৫৮১ টা অঞ্চল সম্পূৰ্ণৰূপে নিৰীক্ষণত ৰাখিব। উল্লেখ্য যে আজি কৰ’ণা পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ উপায়ুক্তসকলৰ লগত এক দীঘলীয়া বৈঠকত মিলিত হৈছিল। এই বৈঠকৰ পি

শিক্ষকতাৰ বৃত্তিত কালিমা, লম্পট টেট্ শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী…

Image
শিক্ষকতাৰ বৃত্তিত কালিমা সানিলে এগৰাকী টেট্ শিক্ষকে। নগৰবেৰাৰ ৩ নং উত্তৰ ৰাঙ্গাপানীত সংঘটিত হৈছে এই জঘন্য কাণ্ড। বাহাৰুল ইছলাম নামৰ এগৰাকী শিক্ষকে প্ৰথমে এখন বেচৰকাৰী শিক্ষানুষ্ঠানত শিক্ষকতা কৰি থকা অৱস্থাতেই প্ৰেমৰ জাঁলত পেলাইছিল এইগৰাকী সহকৰ্মী শিক্ষয়িত্ৰীক। প্ৰথমে প্ৰেম আৰু পাছলৈ চলাহী কথাৰে বিভিন্ন প্ৰতিশ্ৰুতি দি যুৱতী গৰাকীৰ সতে প্ৰেমিক বাহাৰুলে একাধিকবাৰ স্থাপন কৰিছিল শাৰীৰিক সম্পৰ্কও। পাছলৈ বাহাৰুল ইছলামে টেট শিক্ষক হিচাপে নিযুক্তি পাই অইন ঠাইলৈ যায় আৰু প্ৰেয়সীক অৱজ্ঞা কৰিবলৈ লয় ,এনেকি বিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিও বাহাৰুল ইছলামে মাৰিলে পাভলুটি। শেহতীয়াভাৱে টেট শিক্ষক গৰাকীয়ে পুনৰ প্ৰেয়সীৰ কাষলৈ গৈ পৰিকল্পনা কৰি নিজ গৃহলৈ নি উপৰ্যুপৰি যৌন সম্পৰ্ক স্থাপন কৰি পলায়ন কৰে, পাছলৈ বাহাৰুলৰ পৰিয়ালৰ লোকে যুৱতী গৰাকীক মাৰধৰ কৰি এঠাইত অকলে এৰি থৈ যোৱাত বিমোৰত পৰে যুৱতী গৰাকী। সম্প্ৰতি শিক্ষক প্ৰেমিকৰ উৱাদিহ নাপাইহে শ’লঠেকত পৰিছে যুৱতী গৰাকী ,ইতিমধ্যে ন্যায় বিচাৰি নগৰবেৰা আৰক্ষী থানাত শিক্ষক গৰাকীৰ বিৰুদ্ধে এক এজাহাৰো দাখিল কৰিছে প্ৰৱঞ্চিতা যুৱতী গৰাকীয়ে। প্ৰশ্ন হয়, আৰক্ষীৰ হাতোৰা