কাৰাগাৰত ধৰ্মান্তকৰণ এজন ব্যক্তি

 
AssamLive24::  কাৰাগাৰত ধৰ্ম সলনি কৰি পুনৰ কাৰাবাসৰ দিশে এগৰাকী কাৰবন্দী। কাৰাবন্দী উত্তৰ প্ৰদেশৰ তাৰাচান্দে বন্ধ কোঠৰীতেই সলনি কৰিছিল নিজৰ ধৰ্ম। হত্যাকাণ্ডৰ অভিযোগত কাৰাবাস খাটিছিল ব্যক্তিগৰাকীয়ে। পত্নীৰ অবৈধ প্ৰেমিকক হত্যা কৰি ৪২ মাহ জেলত কটাবলগীয়া হৈছিল তাৰাচান্দে। সুদীৰ্ঘ ৪২ মাহৰ অন্তত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল যদিও ধৰ্মান্তৰকৰণৰ অভিযোগত অন্য এক গোচৰ ৰুজু হয় তাৰাচান্দৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, উত্তৰ প্ৰদেশৰ মৌখাচ গাঁৱৰ তাৰাচন্দ প্ৰকৃততে হিন্দু ধৰ্মৰ ব্যক্তি। কিন্তু কাৰাবন্দী অৱস্থাতেই ইছলাম ধৰ্ম গ্ৰহণ কৰি নামাজ পঢ়িবলৈ লয় ব্যক্তিগৰাকীয়ে। ধৰ্মান্তৰকৰণৰ পাছত নিজৰ দাড়ি দীঘল কৰে তাৰাচন্দে। কাৰামুক্ত হোৱাৰ পাছত পোহৰলৈ আহে এই কথা। ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। সম্প্ৰতি তাৰাচান্দক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। নামাজ পঢ়াৰ উপৰিও হিন্দু দেৱ-দেৱীকো পূজা অৰ্চনা আগবঢ়ায় ব্যক্তিগৰাকীয়ে। তাৰাচান্দ ঘৰলৈ ঘূৰি অহাৰ পাছত যেতিয়া নামাজ পঢ়িবলৈ লয় আচম্বিত পৰিয়াল তথা অঞ্চলবাসীয়ে ইয়াৰ বিৰোধীতা কৰাৰ লগতে ধৰ্মান্তৰকৰণৰ অভিযোগত গোচৰ ৰুজু কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে