বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।
বৰপেটাৰোডত ১৬৩ তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।
বিভিন্ন জনগোষ্ঠী, ধৰ্মালম্ভী লোকৰ মিলনভূমি সমন্নয়নগৰী বৰপেটাৰোডত কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ উদ্যোগত কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি অইন বছৰৰ দৰে এইবেলিওঁ "বিধায়ক বটা" প্ৰদানৰ বাবে বহু ভাষিক ৰবীন্দ্ৰ বিষয়ত প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।
ৰাতিপুৱা সাংস্কৃতিক শোভা যাত্ৰাৰে আৰম্ভ কৰা কাৰ্যসূচীত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা উলহ মালহেৰে পালন কৰে। "বিধায়ক বটা" প্ৰদানৰ লক্ষৰে অসমীয়া, বাংলা, বড়ো, হিন্দী, ইংৰাজীত আদি ভাষাত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা কাৰ্যসূচীত বিভিন্ন পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ সক্ষম হয়।
আজি সন্ধিয়া ৬ মান বজাত ৪০ নং সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বিধায়ক বটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীক বটা প্ৰদান কৰাৰ লগতে ২০ নং মথনগুৰীৰ এম.চি এল এ তথা বিটিআৰ'ৰ ই এম গৌতম দাসে সাংস্কৃতিক মঞ্চৰ দ্বাৰ উন্মোচন কৰে।
সদৌ শেষত কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতিমঞ্চৰ সম্পাদক শ্ৰীযুত প্ৰীতম কুমাৰ সাহা, উপ সভাপতি নয়ন ৰাহা ৰায়, ১৬৩ তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড° মানিক লাল ভৌমিক, সম্পাদক বিজন ৰায় চৌধুৰী, শোভা যাত্ৰা বিভাগৰ সম্পাদক কৃষ্ণ দাসে উপস্থিত থকা আমন্ত্ৰীত অতিথিবৃন্দক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
Comments
Post a Comment