মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ পূৰ্বে সমবায় মন্ত্ৰালয় গঠন "সৰকাৰ চে সমৃদ্ধি" দৃষ্টিভংগী আগত ৰাখি আগবঢ়াই নিয়া হ'ব বিভাগটো

AssamLive24:: মোডী কেবিনেটৰ  সম্প্ৰসাৰণ হোৱাৰ পূৰ্বেই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মঙলবাৰে নতুনকৈ সমবায় মন্ত্ৰালয় (Ministry of Cooperation)গঠনৰ কথা ঘোষণা কৰে মোদী মন্ত্ৰীসভাই । দেশত সমবায় আন্দোলন শক্তিশালী কৰাৰ লক্ষ্যৰে এক পৃথক প্ৰশাসনিক, নীতিগত পৰিকাঠামোৰে গঠন কৰা হ'ব এই মন্ত্ৰালয়।
তথ্য অনুসৰি নতুন মন্ত্ৰালয়ে "সহকাৰ চে সমৃদ্ধি" (সমবায়ৰ পৰা সমৃদ্ধিলৈ) দৃষ্টিভংগী আগত ৰাখি বিভাগটোৰ বিভিন্ন কাম-কাজসমূহ আগবঢ়াই নিব।

উল্লেখ্য যে, এক সমবায় অৰ্থনৈতিক বিকাশৰ আৰ্হি ভাৰতত বৰ্তমান সময়ত অতি প্ৰাসংগিক হৈ পৰিছে। ইয়াৰ জৰিয়তে প্ৰতিজন সদস্যই অতি দায়িত্ব সহকাৰে নিজৰ বিভাগীয় কাম-কাজ সম্পাদন কৰিব বুলি আশাবাদী কেন্দ্ৰীয় চৰকাৰ। নতুন মন্ত্ৰালয়ে সমবায়সমূহৰ বাবে ব্যৱসায় কৰাৰ ক্ষেত্ৰত অধিক সহায় তথা সুবিধা কৰাৰ লগতে বহু-ৰাজ্যিক সমবায়ৰ বিকাশৰ প্ৰক্ৰিয়াও সুশৃংখল কৰাৰ বাবে কাম কৰিব।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোদী চৰকাৰৰ এই পদক্ষেপক প্ৰশংসা কৰি টুইটযোগে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তই চৰকাৰক সমবায় মন্ত্ৰালয় গঠনৰ লগতে ইয়াৰ কাম-কাজসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব। লগতে, নতুন মন্ত্ৰালয়ে সমবায়সমূহক এক তৃণমূল পৰ্যায়ৰ আন্দোলন হিচাপে গঢ়ি তোলাৰ লগতে বিভাগটোৰ মূল উদ্দেশ্য আগত ৰাখি 'সহকাৰ চে সমৃদ্ধি'ৰ দৃষ্টিভংগী অধিক বিকশিত হ'ব।

Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে