হিংসা কৰা মানুহ চিনি পাবলৈ তিনিটা TIPS !!

আপোনাক কোন মানুহে হিংসা কৰে জানিবলৈ তিনিটা TIPS !!



   সদায় প্ৰমাণিত হৈ আহিছে যে আপোনাৰ বিষয়ে নজনা আপোনাক চিনি নোপোৱা মানুহ জনে কেতিয়াও হিংসা নকৰে বা আপোনাৰ বেয়া কামনা নকৰে। আপোনাক হিংসা কৰে সেইজন লোকে যিজন আপোনাৰ আত্মীয় কুটুম্ব হয় বা ওচৰ চুবুৰীয়া হয় নাইবা আপোনাৰ লগৰ হয় বা আপোনাৰ বন্ধু বা সহকৰ্মী বা প্ৰতিবেশী হয়। সেয়ে আপুনিও এই বিষাক্ত লোক সমুহক মনে মনে জানি থওঁক।

  প্ৰথমতে জানিব সকলো মানুহে নিজৰ প্ৰশংসা বেলেগ ৰ মুখত শুনি ভাল পায়। ই মানুহৰ সহজাত প্রবৃত্তি। কিবা ভাল কাম কৰিলে মানুহে আপোনাক প্ৰসংশা কৰিব সঁচা। কিন্তু যদিহে কোনো কাৰণ নোহোৱাকৈ যদি কোনোবাই আপোনাক প্ৰশংসা কৰিছে জানিব নিশ্চয় কিবা কিন্তু আছে। বুজি লব যে তেওঁ কিবা ব্যক্তিগত স্বাৰ্থৰ বাবেহে এইটো কৰিছে বা তেওঁৰ অংক বেলেগত। বুজিব যে এই প্ৰসংশা কোনো প্ৰশংসা নহৈ আপোনাক কৰা তাচ্ছিল্য হে। এই লোকৰ মুখত মিঠা হাঁহি থাকিলেও মনত আপোনাৰ প্ৰতি বিষ সাঁচি ৰাখে। এনে লোকে কিন্তু আপোনাৰ সফলতাত কেতিয়াও আনন্দিত নহয় আৰু অইন লোকেও আপোনাক প্ৰশংসা কৰাটো সহিব নোৱাৰে। এনে বিষাক্ত লোকক চিনি থব।


 
  দ্বিতীয়তে, আপোনাৰ ওচৰে পাজৰে বা নিজৰ আত্মীয় ৰ মাজতে এনে কিছুমান মানুহ দেখিব যি আপোনাৰ উত্তৰণ কেতিয়াও সহ্য নকৰে । সদায় এখোজ হলেও আপোনাৰ ওপৰত থকাৰ হাবিয়াস কৰি থাকে এনে লোকে। যেনে আপুনি এটি নতুন বস্তু বা নতুন বাহন বা অন্য কিবা ক্ৰয় কৰিছে দেখিব কেইদিনমান পিছতে সেই বিষাক্ত লোক জনে আপুনি ক্ৰয় কৰাতকৈ অলপ হলেও উচ্চ মানৰ একে বস্তু ক্ৰয় কৰিব। আৰু যেতিয়ালৈকে নোৱাৰে তেওঁ আপোনাৰ সৈতে সহজ হবই নোৱাৰে। অৰ্থাৎ এই লোকে সদায় আপোনাক হেয় প্ৰতিপন্ন কৰা আৰু অপদস্থ কৰাৰ কৌতুহল সাঁচি ৰাখে। এনে লোকক চিনি ৰাখিব। নহলে আপোনাৰ কিবা বেয়া হলে সেই ঘটনা ৰাজিৰ সম্পূৰ্ণ প্ৰচাৰৰ দায়িত্ব তেওঁ লব।


 
  তৃতীয়তে, আপুনি আপোনাৰ মাজতে এনে মানুহ পাব যিয়ে সকলো সময়তে আপোনাৰ সৈতে ভাল ব্যৱহাৰ কৰিব কিন্তু আপোনাৰ কামবোৰ তেওঁ ভালদৰে নিৰীক্ষণ কৰি তাৰ ভুল বোৰ বিচাৰি থাকিব। এনে কৰিব যেন আপুনি কৰা শুদ্ধ কামৰো ভুল উলিয়াবলৈ যত্ন কৰি থাকিব। এনে লোকক আপুনি চিনি থওঁক। এনে লোকে আপোনাৰ সৈতে ভাল কৈ থাকি আপোনাৰ অনুপস্থিতত আপোনাৰ বদনাম কৰি থাকিব। আপুনি কৰা ভাল কৰ্মক ও ৰহণ সানি অইনৰ আগত বেয়া প্ৰচাৰ কৰিব। আৰু আপোনাৰ কাণত যেতিয়া পৰিব তেতিয়া আপুনি হতাশাত ভুগিব বা হীনমন্যতাত ভুগিব। সেয়ে এনে লোকক চিনি থওঁক।


 
গতিকে এই তিনি শ্ৰেণীৰ লোকৰ পৰা সাৱধানে থকা খুব ভাল । 

Share it with:
WhatsAppFacebookTwitterSMSEmailShare

Comments

Popular posts from this blog

সোমবাৰৰ পৰা চাৰিখন জিলাত সম্পূৰ্ণ ‘লকডাউন’ ঘোষণা ৰাজ্য চৰকাৰৰ, ক’ত ক’ত সবিশেষ পঢ়ক আৰু জানি লওঁক....!

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

কাৰাগাৰত ধৰ্মান্তকৰণ এজন ব্যক্তি