শিক্ষকতাৰ বৃত্তিত কালিমা, লম্পট টেট্ শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী…

শিক্ষকতাৰ বৃত্তিত কালিমা সানিলে এগৰাকী টেট্ শিক্ষকে।

নগৰবেৰাৰ ৩ নং উত্তৰ ৰাঙ্গাপানীত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

বাহাৰুল ইছলাম নামৰ এগৰাকী শিক্ষকে প্ৰথমে এখন বেচৰকাৰী শিক্ষানুষ্ঠানত শিক্ষকতা কৰি থকা অৱস্থাতেই প্ৰেমৰ জাঁলত পেলাইছিল এইগৰাকী সহকৰ্মী শিক্ষয়িত্ৰীক।


প্ৰথমে প্ৰেম আৰু পাছলৈ চলাহী কথাৰে বিভিন্ন প্ৰতিশ্ৰুতি দি যুৱতী গৰাকীৰ সতে প্ৰেমিক বাহাৰুলে একাধিকবাৰ স্থাপন কৰিছিল শাৰীৰিক সম্পৰ্কও।

পাছলৈ বাহাৰুল ইছলামে টেট শিক্ষক হিচাপে নিযুক্তি পাই অইন ঠাইলৈ যায় আৰু প্ৰেয়সীক অৱজ্ঞা কৰিবলৈ লয় ,এনেকি বিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিও বাহাৰুল ইছলামে মাৰিলে পাভলুটি।

শেহতীয়াভাৱে টেট শিক্ষক গৰাকীয়ে পুনৰ প্ৰেয়সীৰ কাষলৈ গৈ পৰিকল্পনা কৰি নিজ গৃহলৈ নি উপৰ্যুপৰি যৌন সম্পৰ্ক স্থাপন কৰি পলায়ন কৰে, পাছলৈ বাহাৰুলৰ পৰিয়ালৰ লোকে যুৱতী গৰাকীক মাৰধৰ কৰি এঠাইত অকলে এৰি থৈ যোৱাত বিমোৰত পৰে যুৱতী গৰাকী।

সম্প্ৰতি শিক্ষক প্ৰেমিকৰ উৱাদিহ নাপাইহে শ’লঠেকত পৰিছে যুৱতী গৰাকী ,ইতিমধ্যে ন্যায় বিচাৰি নগৰবেৰা আৰক্ষী থানাত শিক্ষক গৰাকীৰ বিৰুদ্ধে এক এজাহাৰো দাখিল কৰিছে প্ৰৱঞ্চিতা যুৱতী গৰাকীয়ে।

প্ৰশ্ন হয়, আৰক্ষীৰ হাতোৰাই চুব পাৰিবনে প্ৰতাৰক প্ৰেমিক শিক্ষক গৰাকীক ? ন্যায় পাবনে ভুক্তভােগী যুৱতী গৰাকীয়ে?

Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে