পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

     
  BTC Region ৰ দীৰ্ঘদিনীয়া উগ্ৰপন্থী সমস্যা বিটিআৰ চুক্তিৰ জৰিয়তে চলিত বৰ্ষৰ ২৭ জানুৱাৰীত বিটিআৰ চুক্তিৰ জৰিয়তে সমাপ্ত হৈছে। উগ্ৰপন্থী সমস্যাৰ লগতে আন এক ভয়ংকৰ সমস্যা  আছিল ইয়াত গোষ্ঠীৰ নামত জাতি—জনগোষ্ঠীৰ নামত বিভাজন কৰি কৰা ৰাজনীতি। এটা জনগোষ্ঠীৰ বিৰুদ্ধে আনটো জনগোষ্ঠীক উচটনি দি সদায় অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি ৰখা ৰাজনীতি। কিছুমান দল তথা ব‍্যক্তিৰ একমাত্ৰ ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্য এইবোৰ কু কীৰ্তিবোৰ দীৰ্ঘদিনৰপৰা কৰি থকা হৈছে। এইবোৰ কৰি শাসকীয় বা নিৰ্বাচিত প্ৰতিনিধি সকলে জনতাৰ নামত আৱন্টিত উন্নয়নৰ ধন অবাধ পৰিমাণে শৰাধ কৰি গৈছে। বংশই বংশৰ বিৰুদ্ধে যুঁজত ব্যস্ত ৰাখি পুনৰ এই একেই কৌশলৰে ক্ষমতা দখলৰ চেষ্টা কৰা হৈছে। সোঁতৰ বছৰীয়া বিপিএফ চৰকাৰৰ অভিলেখ সংখ্যক দুৰ্নীতি,অপশাসন, দুখীয়া ৰাইজক কৰা শোষণ, প্ৰৱঞ্চনা আদিবোৰ নিৰ্বাচনৰ আগত পাহৰাই ৰাখিব বিচৰা হৈছে। যাৰ কাৰণে  ব্যাপক ধনৰ টোপোলাৰে একাংশ ৰাজনৈতিক ব্যৱসায়ীক মেনেজ কৰি পুনৰাই বড়ো–অবড়ো আদিৰ নামত বিভাজনৰ ৰাজনীতি কৰিবলৈ পথাৰত নমাই দিছে। দীৰ্ঘদিনৰ মুৰত ঘুৰি অহা শান্তি স্থায়ী হবলৈ বাধাৰ প্ৰাচীৰ হৈ পৰিছে। আজি আমি এনে এক বিষয়ত কিছু আলোচনা কৰিব ওলাইছোঁ। বিটিআৰ চুক্তি হৈছে আটাইতকৈ Balanced চুক্তি। এই অঞ্চলৰ অশান্তময় পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি চুক্তি সাক্ষৰকাৰী পক্ষ আৰু চৰকাৰে বিভিন্ন জাতি–জনগোষ্ঠীৰ স্বাৰ্থত ব্যাঘাত নজন্মাকৈ আৰু অসম ৰাজ্যৰ ভিতৰতে থাকি দীৰ্ঘদিনীয়া পৃথক বড়োলেণ্ড দাবীৰ সমস্যা সমাধান কৰিছে। চুক্তি সাক্ষৰিত হোৱা সময়ত বহু উৎকণ্ঠা এই অঞ্চলত বিৰাজ কৰিছিল। অবড়ো লোক সকলৰ দৰে আমাৰ দৰে সংখ্যালঘু যুৱক সকলেও তীব্ৰ উৎকণ্ঠিত হৈ আছিলোঁ। ভাৱিছিলোঁ যে ইয়াৰ জৰিয়তে হয়তো আমাৰ অধিকাৰ কাঢ়ি নিয়া হব। কিন্তু চুক্তিটো পঢ়িয়েই আমি Convinced হৈছিলো যে এই চুক্তি বড়ো–অবড়ো কাৰো স্বাৰ্থত আঘাত নিদিয়াকৈ এক উন্নয়ন মূখী দস্তাবেজ আমাৰ অঞ্চললৈ উপহাৰ হিচাপে লৈ আনিলে। বিটিআৰ চুক্তিৰ আধাৰতে স্কুল-কলেজ, ইউনিভাৰ্চিটি, মেডিকেল কলেজ, উদ্যোগ স্থাপনৰ কথা কোৱা হ'ল। নতুন জিলা, মহকুমা সৃষ্টি ইত্যাদিৰে পূৰ্ণ প্ৰচুৰ সম্ভাৱনাময় কথাৰে পৰিপুষ্ট এই চুক্তি। স্বাভাৱিকতে বড়োৰ লগতে আন আন জাতি জনগোষ্ঠীৰ লোকসকলে এই চুক্তিক আদৰণি জনাইছে। আনকি বিটিচি চুক্তিৰ সময়ত যিদৰে এই অঞ্চলত অবড়ো বিভিন্ন জাতি–জনগোষ্ঠীৰ লোক সকলে তীব্ৰ প্ৰতিবাদ জনাইছিল এইবাৰ বিটিআৰ চুক্তিৰ পাছত এনে প্ৰতিবাদ নকৰিলে। অবড়োৰ নামত সদায় লম্ফজম্প কৰা নৱ শৰণীয়াও নিমাত হৈ পৰিছিল।এনডিএফবিৰ চাৰিওটা গোট, এবছু আৰু বিপিএফ  বড়ো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা দল–সংগঠন চুক্তি সাক্ষৰিত হোৱা সময়ত উপস্থিত আছিল।বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সাক্ষী হিচাপে চহীও কৰি থৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিটিচিৰ কোকৰাঝাৰলৈ নিমন্ত্ৰণ কৰি আনি পোন্ধৰশ কৌটি টকা দিব বুলি  উৎফুল্লিত হৈ নৰেন্দ্ৰ মোডীক প্ৰসংশাওঁ কৰিলে। তাৰ পাছত হঠাৎ পট পৰিৱৰ্তন হ'ল। বিটিআৰ চুক্তিৰ মুখ্য উদ্যোক্তা এবছুৰ সভাপতি প্ৰমোদ বড়ো এবছু ত্যাগ কৰি ৰাজনৈতিক দলত যোগদান কৰিলে। তাৰ পাছৰে পৰা বিটিচিৰ ৰাজনীতিত ধুমুহা আৰম্ভ হ'ল। কট্টৰ বড়ো জাতীয়বাদীত বিশ্বাসী বুলি বহুতেই অভিযোগ কৰা সত্বেও কম দিনৰ ভিতৰতে বড়োৰ লগতে এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ লোক সকলৰ মাজত প্ৰমোদ বড়োয়ে ব্যাপক সমাদৰ লাভ কৰিব ধৰিলে। বড়ো-কেন্দ্ৰিক ৰাজনীতিৰ তীব্ৰ বিৰোধী অসমীয়া খিলঞ্জীয়া অসমীয়া লোকেও আজিৰ তাৰিখত প্ৰমোদ বড়োৰ সমৰ্থক হৈ পৰিল। ইয়াৰ বহু কেইটা কাৰণৰ ভিতৰত অন্যতম কাৰণ হৈছে বিগত সোঁতৰ বছৰীয়া হাগ্ৰামা চৰকাৰৰ ৰাইজক দিয়া ৰাম ঠগন আৰু ভাৰসাম্য ৰক্ষা কৰা বিটিআৰ চুক্তি। প্ৰমোদ বড়ো ইউপিপিএল দলৰ সভাপতি হ'ল। বিভিন্ন জাতি–জনগোষ্ঠীৰ প্ৰতিনিধিত্বশীল এক দললৈ পৰ্যবাসিত কৰিলে দলটোক। ৰাইজেও ব্যাপক উৎসুকতাৰে দলটোক আঁদৰণি জনালে। ইমান দিনে সমন্বয়ৰ কথাৰে আভুৱা ভাৰি হাগ্ৰামা মহিলাৰীয়ে বিটিচিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক কৰি অহা প্ৰবঞ্চনাৰ বিকল্প ৰাইজে লাভ কৰিলে। বড়ো-অবড়োৰ নামত ৰাজনীতি কৰি অহা নৱ শৰণীয়াৰ প্ৰাসংগিকতা হ্ৰাস পাব ধৰিলে।

       ইয়াৰ মাজতে আহিল ৰাজনৈতিক টুইষ্ট।বিভাজনৰ ৰাজনীতি বন্ধ হোৱাৰ সময়তে UPPL দলৰ বহিস্কৃত নেতা পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ নামৰ এজন বাইশ বছৰীয়া যুৱকে ছালাকাটি বিটিচি সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী গৰাকী ইহলীলা সম্বৰণ কৰাত সেই সমষ্টিত প্ৰাৰ্থীত্ব বিচাৰিলে। দলে আগৰ প্ৰাৰ্থী জনৰ পুত্ৰক টিকটৰ কাৰণে বিবেচিত কৰিলে।প্ৰাৰ্থীত্বৰ আন এজন দাবীদাৰ পৃথিৱী ৰাজ ক্ষুণ্ন হৈ পৰিল। টিকট ঘোষণাৰ আগতেই দলীয় নেতৃবৰ্গক ভাবুকি দিব ধৰিলে। টিকট নিদিলে UPPL দলে কিদৰে চৰকাৰ গঠন কৰে চাম বুলি ভাবুকি দিলে।অসমৰ মিডিয়া হাউচ কিনি পেলাব বুলি কোৱা অডিঅ' ৰেকৰ্ডিং ইতিমধ্যে ভাইৰেল হৈছে। UPPL দলে তেওঁক বিপিএফৰ এজেন্ট হৈ কাম কৰা বুলি অভিযোগ আনিলে। এই কমবয়সীয়া উচ্চাকাংক্ষী যুৱক জনৰ কিছু বিভেদগামী কাম কাজ তথা এই বিটিচি অঞ্চলৰ কাৰণেই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা কথা–বতৰা পাঠক সমাজক মনত পেলাই দিব বিচাৰিছোঁ। এইজন স্বয়ম্ভূ বিটিচিৰ হৰ্তা–কৰ্তা বুলি নিজকে দাবী কৰা যুৱকৰ কিছু কীৰ্তি কাৰখানা আমি সুক্ষ্ম দৃষ্টিৰে অধ্যয়ন কৰিলেই বহু কথাৰ উত্তৰ ওলাই পৰিব। এই যুৱক জন আচলতে ৰাজনৈতিক ব্যৱসায়ী। উচ্চ ন্যায়লয়ত গোচৰ তৰি আৰু সংবাদ মেল পাতি বড়ো বনাম আন আন জাতি জনগোষ্ঠী জাতীয় কথা বতৰাৰে সমগ্ৰ বিটিচি কন্ট্ৰ'ল কৰিব বিচাৰে। ২০১৯ চনৰ কোকৰাঝাৰ লোকসভা নিৰ্বাচনৰ অনুষ্ঠিত হোৱাৰ ঠিক তিনি দিন আগত অৰ্থাৎ ২০ এপ্ৰিল তাৰিখে এক বিস্ফোৰক সংবাদ মেল অনুষ্ঠিত কৰি অবড়ো লোক সকলক আতংকিত কৰি তুলিছিল। উচ্চ ন্যায়লয়ৰ এক ৰায়ৰ উদ্ধৃতি দি বিটিচি অঞ্চলত চাৰে চাৰি লাখ বিঘা ভূমি অজনজাতীয় লোকে অবৈধ ভাৱে Occupied কৰি ৰখাৰ এক বিস্ফোৰক ভিডিঅ' ভাইৰেল কৰি দিলে। ঠিক আজিৰ দৰে। বিটিচি অঞ্চল বৰ স্পৰ্শকাতৰ। ইয়াত মানুহে শান্তি স্থাপন আৰু নিজৰ অস্তিত্বক লৈ বেছি উদ্বিগ্ন। পৃথিৱীৰাজৰ এনে সংবাদ মেলে কোকৰাঝাৰ লোকসভা  সমষ্টিত 2019 ত কাক সহায় কৰিলে? পাঠক সমাজে নিশ্চয় ধৰিব পাৰিছে। বিটিচি অঞ্চলত বড়ো–অবড়োৰ ৰাজনীতিৰ কাণ্ডাৰী জনৰ পৰা বৃহৎ ধন লৈ এই কম বয়সীয়া শিয়ানা যুৱক জনে কিমান সাংঘাতিক গেম খেলিলে চাইছে নে?পলিটিকেল Entrepreneur বুলি খ্যাত যুৱক জনে এনে সমাজ, দেশ অনিষ্টকাৰী পন্থা অৱলম্বন কৰি পুনৰাই এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত ভয়–ভাবুকি, উদ্বিগ্নতা সৃষ্টি কৰি বড়ো আৰু আন আন জাতি–জনগোষ্ঠীৰ মাজত ৰাজনৈতিক সংঘাত লগাই পুনৰাই কোন ৰাজনৈতিক দলক সহায় কৰিব বিচাৰিছে ৰাইজেই বিচাৰ কৰক। দুৰ্নীতিৰ সদাগৰ সকলক পুনৰাই ৰাজপাটত বহাবলৈ গুৱাহাটীৰ তাজ ভিভেন্টাৰ দৰে পঞ্চ তাৰকা যুক্ত হোটেলত দিনে পঁচিশ হেজাৰ টকা থকা–খোৱাৰ নামত ভাড়া আদায় দি কাৰ হৈ ওকালতি কৰা হৈ আছে সেইবোৰ আজিৰ ডিজিটেল যুগত লুকাই নাথাকে। Scorpio Executive মডেলৰ গাড়ী দুৰ্নীতিগ্ৰস্ত দলৰ পৰা উপহাৰ লৈ দিনে মদ আৰু চিগাৰেটৰ নামত তিনি হেজাৰকৈ টকা উৰোৱা যুৱক জনৰ উপাৰ্জনৰ উৎস কি? ৰাইজে জানিব বিচৰাটো স্বাভাৱিক। নিৰ্বাচনৰ চাপিলেই উচ্চ ন্যায়লয়ত পিআইএল দাখিল কৰা আৰু সংবাদ মাধ্যমত বিভাজনৰ লক্ষ্যৰে বিস্ফোৰক মন্তব্য কৰি বিটিচি  অশান্ত কৰি এই অঞ্চলত হৰ্তাকৰ্তা বিধাতা হব বিচৰা অপৈণত যুৱক জনে এইবাৰ কিছু কথা কাণ খুলি শুনি লোৱা দৰকাৰ । এইবাৰ অন্ততঃ বিটিচিৰ ৰাইজ কোনো বাইশ বছৰীয়া যুৱকৰ উদ্ভণ্ডালিত আতংকিত হৈ সংঘাতৰ ৰাজনীতিক প্ৰশ্ৰয় নিদিয়ে। সমন্বয়ৰ যাত্ৰা এই অঞ্চলত আৰম্ভ হৈছে এজন পৰিপক্ক নেতাৰ নেতৃত্বত। এই যাত্ৰা স্তব্ধ কৰিবলৈ চেষ্টা আৰম্ভ কৰাৰ আগত পুনৰাই মাতৃ দুগ্ধ পাণ কৰি অহাটোহে উত্তম হব।

Comments

Popular posts from this blog

সোমবাৰৰ পৰা চাৰিখন জিলাত সম্পূৰ্ণ ‘লকডাউন’ ঘোষণা ৰাজ্য চৰকাৰৰ, ক’ত ক’ত সবিশেষ পঢ়ক আৰু জানি লওঁক....!

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

কাৰাগাৰত ধৰ্মান্তকৰণ এজন ব্যক্তি