২৭ বছৰে বিনা বেতনে সেৱা আগবড়োৱা প্ৰধান শিক্ষক নুৰজামাল হ'কৰ অঁকাল মৃত্যুত দুটা সন্তানসহ পত্নিৰ জীৱনলৈ নামি আহিছে অমানিশা

উচ্চ শিক্ষিত (টেট উত্তীৰ্ণ) পত্নিৰ চৰকাৰী চাকৰিৰ দাবী স্থানীয় ৰাইজৰ। 


সুদীৰ্ঘ ৩০ বছৰে বিনা বেতনে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বুনমাঝাস্থিত অপ্ৰাধীকৃত জনপ্ৰীয় হাই স্কুলত কৰ্মৰত আছিল প্ৰধান শিক্ষক নুৰজামাল হ'ক৷ আজি হঠাৎ তেখেতৰ অঁকাল মৃত্যু হোৱাৰ বাবে পৰিয়ালৰ লোকৰ বাবে নামি আহিছে ঘোৰ অমানিশা৷ এতিয়া উপায়ন্তৰ হৈ চৰকাৰৰ প্ৰতি আবেদন জনাইছে মৃত নুৰজামাল হ'ক পত্নিয়ে পৰিয়ালে৷ জানিবলৈ দিয়া মতে ১৯৯৩ চনতে স্থাপিত হোৱা বিদ্যালয়খনত সুদীৰ্ঘ দিন ধৰি  পাঠদান কৰি আছিল প্ৰয়াত নুৰজামাল হ'কে৷ বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ামতে উক্ত বিদ্যালয়খনৰ  প্ৰাদেশিকৰণৰ সকলোখিনি কাম সম্পূৰ্ণ গৈছে কেৱল আনুষ্ঠানিকতা বাকী ঠিক সেই সময়তে তেখেতৰ অঁকাল মৃত্যুত অঞ্চলবাসীৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই আবেগিক হৈ পৰিছে। ইমানদিন ধৰি বিদ্যালয়খনত পাঠদান কৰিছিল মাথো এটাই আশাৰে যে বিদ্যালয়খন প্ৰাদেশীকৰণ হ'ব৷ কিন্তু বিদ্যালয়খন প্ৰাদেশিকৰণ হোৱাৰ তালিকাত প্ৰস্তুত হ'ল! কিন্তু ইমানদিনে আশাৰে বাট চাই থকা  শিক্ষক নুৰজামাল হ'কৰ মনৰ আশা বাস্তৱত ৰূপান্তৰিত নহল। মনৰ আশা মনতে ফুলি লৈ ইহ সংসাৰৰপৰা চিৰ বিদায় মাগিলে। দুৰ্ভাগ্যবশতঃ এই যে, মৃত নুৰজামাল হ'কৰ কনমানি দুটা সন্তানক মানুহ কৰিবলৈ তেখেতৰ পত্নিৰ এটা চৰকাৰী চাকৰি নিযুক্তি কৰিবলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে