কাৰাগাৰৰপৰাই নিৰ্বাচন খেলিব কৃষক নেতা অখিল গগৈৰ

আগন্তুক অসম বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ‘ গণ মুক্তি সংগ্রাম , অসমক পূর্ণাংগ ৰূপ দিবলৈ সাজু হৈছে কৃষক মুক্তি সংগ্রাম সমিতি ।


 ২০১৫ চনতে কৃষক মুক্তিয়ে গঠন কৰা ৰাজনৈতিক দল গণ মুক্তি সংগ্রাম অসমৰ পৰা এইবাৰ কাৰাগাৰত থাকিয়ে কৃষক নেতা অখিল গগৈয়ে নির্বাচন খেলিব নেকি এই সন্দৰ্ভত বক্তব্য আগবঢ়াইছে কৃষক মুক্তিৰ নেতৃবর্গই । বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ভাস্কো - ডি শইকীয়াই সাংবাদিকৰ আগত কয় যে - ২০১৫ চনতে কৃষক মুক্তিয়ে গঠন কৰা ৰাজনৈতিক দল ‘ গণ মুক্তি সংগ্রাম, অসম’ক বিভিন্ন কাৰণত পূর্ণাংগ ৰূপ দিব পৰা নাছিলাে । কিন্তু এতিয়া পূর্ণাংগ ৰূপ দিবলৈ চেষ্টা কৰিম । এই ৰাজনৈতিক দলটোক অতি সােনকালে পূর্ণাংগ ৰূপ দিয়া হ'ব । দলে সংসদীয় ৰাজনীতিত কি ভূমিকা লয় , সেয়া ৰাজনৈতিক প্রস্তাৱনাত থাকিব । আগন্তুক বিধানসভা নির্বাচনত ৰাজনৈতিক দলটোৱে প্রত্যক্ষ বা পৰােক্ষভাৱে যুঁজ দিব । কাৰাগাৰৰ পৰাই অখিল গগৈয়ে নির্বাচনত অৱতীৰ্ণ হ'ব নেকি সেই বিষয়ত এতিয়াই নিশ্চিত হােৱা নাই ।


Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে