‘২০২১ত বিজেপি আৰু আৰএছএছক অসমৰ পৰা উৎখাত কৰিবলৈ সাজু কৃষক মুক্তি সংগ্ৰাম সমিতি’

 

অৱশেষত মুকলি আকাশৰ তললৈ আহিল মানস কোঁৱৰ। যোৰহাট কাৰাগাৰত ১৯ দিন আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় ১৭৩ দিন কাৰাবাস খটা মানস কোঁৱৰক শেহতীয়াকৈ নিয়াৰ আদালতে জামিন মঞ্জুৰ কৰাত মুকলি আকাশৰ তললৈ ওলাবলৈ সক্ষম হয়। মুক্তিৰ পিছতেই মঙলবাৰে গৃহ চহৰ শিমলুগুৰিত উপস্থিত হয় মানস কোঁৱৰ৷


শিৱসাগৰ জিলাৰ শিমলুগুৰি নগৰ পোৱাৰ লগে লগে তেওঁৰ সমৰ্থকসকল অধিক উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়৷ লগতে বিভিন্ন দল–সংগঠনৰ সদস্য আৰু শিমলুগুৰিৰ ৰাইজে কৃষক নেতাজনক গামোচা পিন্ধাই আদৰণি জনায়৷ গৃহ চহৰত উপস্থিত হৈয়ে নেতাজনে পুনৰ ‘কা’ আন্দোলন সক্ৰিয় কৰাৰ কথা ব্যক্ত কৰে। লগতে ২০২১ চনৰ নিৰ্বাচনত অসমৰ পৰা বিজেপিক উৎখাত কৰাৰ কথাও প্ৰকাশ কৰে মানস কোঁৱৰে। অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠন হোৱা নতুন ৰাজনৈতিক দলটোক আদৰণি জনায় কৃষক নেতাজনে৷ উল্লেখযোগ্য যে কৃষক নেতা অখিল গগৈয়ে মুক্তি পালেই ২০২১ চনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংসদীয় ৰাজনীতিলৈ অহাৰ সম্ভাৱনা আছে বুলি কয় মানস কোঁৱৰে।

Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে