‘ৰাইজৰ হৈ মাত মাতি বন্দী হৈ থকা মানুহজনক উলিয়াই আনিব লাগিব’- অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ মানস ৰবীনে আগবঢ়ালে ২ লাখ টকা

 

প্ৰায় ৮ মাহে কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ। গগৈৰ ওপৰত জাপি দিয়া হৈছে ইটোৰ পিছত সিটো গোচৰ। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জপিয়াই পৰা অখিল গগৈক আন্দোলনত উচতনি দিয়াৰ অভিযোগত কাৰাবন্দী কৰি হৈছিল। ইতিমধ্যে একেটা গোচৰত কাৰাবন্দী হোৱা কৃষক মুক্তিৰ অন্য তিনিজন নেতাই জামিন লাভ কৰিলে যদিও নাকচ কৰা হ’ল অখিল গগৈৰ জামিন আবেদন। গতিকে এইবাৰ উচ্চ ন্যায়ালৰ দাৰস্থ হ’বলৈ সাজু হৈছে অখিল গগৈ।

এইবাৰ অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ মানস ৰবীনে আগবঢ়ালে ২ লাখ টকা। মানস ৰবীনে কয় যে, ‘ৰাইজৰ হৈ মাত মাতি বন্দী জীৱন কটোৱা মানুহজনক মোকলাই অনাৰ দায়িত্বও ৰাইজেই ল'ব লাগিব। ৰাইজে নিজৰ দায়িত্বলৈ পিঠি দিলে, নেতা নিজক লৈ ব্যস্ত হোৱাটো স্বাভাৱিক। অখিল গগৈক ৰাইজৰ পক্ষত ৰাখিবলৈকে ৰাইজে টঙালি বান্ধক। কথাতে কয় নহয় বোলে ৰাইজে নখ জোকাৰিলে নৈ বয়।’

Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে