আমছুৰ বৰপেটাৰোড আঞ্চলিক সমিতি গঠন
আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ অন্তৰ্গত বৰপেটাৰোড আঞ্চলিক সমিতি গঠনাৰ্থে আঞ্চলিকৰ সভাপতি ৰাজিবুল হক'ক সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয়।
উক্ত সভাৰ জৰিয়তে ৰাজিবুল হক'ক সভাপতি, হাবিব উদ জামানক কাৰ্যকৰী সভাপতি, ৰখি ৰহমান, ফকৰ উদ্দিন, সাজিদ আহমেদ, ৰিয়াজুল ইছলামক উপ সভাপতি, ৰবিউল ইছলাম আৰু জেকিবুল ইছলামক সাধাৰণ সম্পাদকদ্বয়, আব্দুল মজিদ, আমিনুৰ ৰহমান, শিৰাজুল হক, আলফাজ আহমেদক সহঃ সাধাৰণ সম্পাদক, মিজানুৰ ৰহমানক মুখ্য সাংগঠনিক সম্পাদক, শ্বেইজাদ আহমেদক, ছামছুল আলম আৰু ছমিৰ আলীক সাংগঠনিক সম্পাদকত্ৰয়, আবু বাক্কাৰ ছিদ্দিকক শিক্ষা আৰু আলোচনী সম্পাদক, জাহাংগীৰ আলমক বিত্ত সম্পাদক, জিয়াৰুল ইছলাম আৰু ইমামুল হক'ক প্ৰচাৰ সম্পাদকদ্বয় মহিদুল ইছলাম আৰু মুজাহিদুল ইছলামক খেল সম্পাদকদ্বয় হিচাপে লৈ মুঠ ৫১ জনীয়া এক শক্তিশালী নতুন সমিতি গঠন কৰে।
উক্ত সভাত উপস্থিত থাকে বৰপেটা-বাক্সা জিলা আমছুৰ উপদেষ্টা মইনুল হক খান, বৰপেটা জিলা আমছুৰ সভাপতি ছফিউৰ ৰহমান, বাক্সা জিলা আমছুৰ সভাপতি ছাইফুল ইছলাম খান, বৰপেটা জিলা আমছুৰ উপ সভাপতি নজৰুল আলী আহমেদ, বৰপেটা আৰু বাক্সা জিলা আমছুৰ সাধাৰণ সম্পাদকদ্বয় ছাইদুৰ ৰহমান আৰু সাহাদত হুছেইন, বৰপেটা জিলা আমছুৰ সহ সম্পাদকদ্বয় বদিউদ জামান, শ্বাইৰুল ইছলাম, মুখ্য সাংগঠনিক সম্পাদক আফজালুৰ ৰহমান, সাংস্কৃতিক সম্পাদক আমিৰ আলী, বৰপেটাৰোড আঞ্চলিক সমিতিৰ আঞ্চলিকৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি ইমদাদুল হক, গান্ধাৰীপাৰা আঞ্চলিক সমিতিৰ সভাপতি ছাজদিল হুদাৰ লগতে কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে।
Comments
Post a Comment