হায়দৰাবাদত টকাৰ বৰষুণ! কিমান ল’ব পাৰে এজন বিষয়াই ঘোচ?

 হায়দৰাবাদত এণ্টি কৰাপচন বিউৰো (ACB)য়ে এগৰাকী ৰাজহ মণ্ডল বিষয়াক এক কোটি ১০ লাখ টকাৰ উৎকোচৰ সৈতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত বিষয়া বলাৰাজুক উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

২৮ একৰ ভূমিৰ সৈতে জড়িত হৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৰাজহ মণ্ডল বিষয়াগৰাকীৰ বিৰুদ্ধে।

শুকুৰবাৰে নিশা ACBয়ে বলাৰাজু নাগৰাজুৰ ঘৰত অভিযান আৰম্ভ কৰে।


আৰু উৎকোচৰ ধনসহ বিষয়াগৰাকীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে।


ৰাজহ মণ্ডল বিষয়াগৰাকীৰ লগতে এজন গ্ৰামীণ ৰাজহ বিষয়া (VRO) বি ছাইৰাজকো অভিযানত আটক কৰে।

লোকজন মলকানগিৰী জিলাৰ মণ্ডল মুখ্য কাৰ্যালয়ত নিয়োগ আছিল।


এই জিলাখনক হায়দৰাবাদৰ পৰা পৃথক কৰি অন্য এখন জিলা নিৰ্মাণ কৰা হৈছিল।

ACBৰ বিষয়াকেইজনে ঘোচ লোৱা টকা গণনা কৰোতে হতচকিত হৈ পৰে।


হায়দৰাবাদৰ প্ৰধান বাণিজ্যিক আৰু আৱাসী এলেকাস্থিত ৰাজহ মণ্ডলৰ ঘৰত অভিযান আৰম্ভ কৰিছিল।


Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে