সুশান্তৰ মৃত্যুৰ দুমাহ হোৱা দিনটোত আৱেগিক অংকিতা লোখাণ্ডেই ক’লে, ‘মই জানো...’
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য দিনক দিনে গভীৰ হৈ গৈ আছে। আজি অভিনেতাজনৰ মৃত্যুৰ ২মাহ সম্পূৰ্ণ হোৱাৰ দিনটোত পৰিয়ালে আৰু অনুৰাগীসকলৰ লগতে আকৌ এবাৰ তেওঁৰ প্ৰাক্তন প্ৰেয়সী অংকিতা লোখাণ্ডে আৱেগিক হৈ পৰিল। সুশান্তক মনত পেলাই তেওঁ ছচিয়েল মিডিয়াত এক আৱেগিক পোষ্ট দিয়ে।
নিজৰ পোষ্টত তেওঁ সকলোকে সুশান্তৰ কাৰণে ১৫আগষ্টৰ দিনটোত অৰ্থাৎ শনিবাৰে অনুষ্ঠিত হ’বলগীয়া গ্লবেল প্ৰেয়াৰত অংশ ল’বলৈ আপীল কৰে।
ইনষ্টাগ্ৰামত অংকিতাই লিখে– ‘আজি সম্পূৰ্ণ দুমাহ হৈ গ’ল সুশান্ত...মই জানো তুমি য’তে আছা, সুখত আছা।’ ইয়াৰ লগতে তেওঁ প্ৰাৰ্থনা কৰা ইম’জি শ্বেয়াৰ কৰে। নিজৰ পোষ্টত তেওঁ লগতে লিখে, অনুগ্ৰহ কৰি সকলোৱে কাইলৈ ১৫আগষ্টৰ ১০বজাত গ্ল’বেল প্ৰেয়াৰত অংশ লওক আৰু আমাৰ মৰমৰ সুশান্তৰ কাৰণে প্ৰাৰ্থনা কৰক।
দীঘলীয়া সময় সম্পৰ্কত থকাৰ পিছত ২০১৬চনত সুশান্ত–অংকিতাৰ বিচ্ছেদ হৈছিল। সুশান্তৰ মৃত্যুৰ পিছত অংকিতাই সুশান্তৰ পৰিয়ালৰ লগ দিয়াৰ লগতে সুশান্তৰ মৃত্যুৰ চিবিআই তদন্তৰ দাবী কৰি আহিছে। শেহতীয়াকৈ এটা ভিডিও কলত তেওঁ উল্লেখ কৰিছিল যে সুশান্তৰ সৈতে কি হৈছিল সেয়া সকলোৱে জনাটো দৰকাৰ।
Comments
Post a Comment