ডুবাইত অনুষ্ঠিত হ’বলগীয়া আইপিএলত চাৰিজনকৈ অসম সন্তান
অসমৰ ৪জন বলাৰ ডুবাইত অনুষ্ঠিত হ’ব লগা আই পি এলৰ ৰাজস্থান ৰয়েলছৰ হৈ নেটত বলিং কৰিবলৈ সুবিধা লাভ কৰিছে৷
আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে উভতি আহিব খেলুৱৈকেইজন৷
খেলুৱৈ কেইজন হৈছে জিতুমণি কলিতা,মৃণ্ময় দত্ত,মুক্তাৰ হুছেইন, আৰু ৰাহুল সিং৷
আটাইকেইগৰাকী খেলুৱৈয়ে ১৭ আগষ্টত ইউ এ ই অভিমুখে ৰাওনা হ’ব।
মহামাৰীৰ বাবে এইবাৰ ইউ এ ইত হ’ব আই পি এলৰ তৃতীয় সংস্কৰণ৷
অহা ১৯ ছেপ্টম্বৰৰ পৰা ১০ নবেম্বৰলৈ ইউনাইটেড আৰৱ এমিৰেটছৰ চমুকৈ ইউ এ ইৰ ক্ৰমে শ্বাৰজাহ আৰু আবু ধাবিত অনুষ্ঠিত হ’ব খেলখন৷
Comments
Post a Comment