আমছু আৰু সাংবাদিকৰ তৎপৰতাত বজালীৰ শুকমানাহত বন্ধ হ'ল বাল্যবিবাহ


অসম লাইভ২৪,১৪ আগষ্ট: সমাজৰ অন্ধবিশ্বাস,কু-সংস্কাৰ বাল্য বিবাহ,মদ ভাং,জুৱা আদি বিভিন্ন ধৰণৰ সামাজিক ব্যাধি সমূহ দূৰীকৰণৰ ক্ষেত্ৰত অগ্ৰনী ভুমিকা পালন কৰি আহিছে ৰাজ্যৰ অন্যতম জাতীয় সংগঠন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। এই ব্যাধি সমূহ বিলুপ্তি ঘটাবলৈ সময়ে সময়ে সংগঠনটোৱে ৰাজ্যৰ চুকেকোণে থকা অনগ্ৰসৰ অঞ্চলত সভা সমিতি পাতি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ লগতে ইতিমধ্যে ৰাজ্যখনত বহু বাল্যবিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছে। একেদৰে বৃহস্পতিবাৰে বজালীৰ শুকমানাহ গাঁৱৰ এজনী ১৬ বছৰীয়া নাবালিকাৰ বাল্য বিবাহ সম্পন্ন কৰিবলৈ জো-যা চলাইছিল পৰিয়ালৰ লোকে। যদিও বিশেষ সূত্ৰৰ খবৰ অনুসৰি নৱগঠিত বজালী জিলা আমছুৰ উপ সভাপতি মো:আমিনুৰ ৰহমান,শুকমানাহ আঞ্চলিক আমছু সমিতিৰ সভাপতি মোমৰেজ মিৰ্জা, দৈনিক গণ অধিকাৰ কাকতৰ সাংবাদিক ক্ৰমে শ্বফিকুল ইছলাম আৰু ৰফিকুল ইছলাম খান সৈতে এক সজাতী দল বিয়াঘৰত উপস্থিত হৈ পৰিয়ালক বাল্য বিবাহৰ ভয়াবহতা আৰু ভৱিষ্যতে ইয়াৰ দ্বাৰা হ'বলগীয়া সমস্যাৰ সমূহৰ বিষয়ে ভালদৰে অৱগত কৰে আৰু পৰিয়ালৰ লোকে অৱশেষত বিবাহখন বন্ধ ৰাখিবলৈ মান্তি হয়। প্ৰাপ্ত বয়স্ক নহোৱালৈকে ছোৱালীজনীৰ বিবাহ সম্পন্ন নকৰে বুলি সজাতি দলটোক নাবালিকাৰ পিতৃয়ে প্ৰতিশ্ৰুতি দিয়ে। আনহাতে এনে প্ৰসংগত আমছু নেতা মো: আমিনুৰ ৰহমানে পৰিয়ালৰ লোকক কয় এনে কাৰ্যৰ ক্ষেত্ৰত বজালী আমছুৱে কোনো কাৰণতে আপোচ নকৰে লগতে সমাজৰ সকলো প্ৰকাৰৰ সামাজিক ব্যাধি দূৰ কৰি এখন সৰ্বাংগ সুন্দৰ আৰু সুস্থ সমাজ গঠন কৰিবলৈ সদায় বদ্ধপৰিকৰ। উল্লেখযোগ্য যে শিশু শ্ৰমিক,বাল্যবিবাহ আদি প্ৰসংগত বৰপেটা চাইল্ড লাইন কৰ্তৃপক্ষক এই বিষয়ে বিভিন্ন সময়ত অৱগত কৰে যদিও কোনো ধৰণৰ সহাঁৰি নপোৱাৰ গুৰুতৰ অভিযোগ তুলে ছাত্ৰ নেতা মোঃ আমিনুৰ ৰহমানে ।

Comments

Popular posts from this blog

বৰপেটাৰোডত ১৬৩তম কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰু "বিধায়ক বটা" প্ৰদান।

পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক

‘২০২০ বৰ্ষতে অৰ্জন কৰিব মাতৃত্বৰ গৌৰৱ, আৰু তাৰ পিছতে বহিব বিয়াত’-জনালে বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে