Posts

Showing posts from July, 2021

হ্ৰাস হোৱা নাই কভিড, সেয়ে মুঠ ১৬ খনকৈ স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ। তিতাবৰত ঘোষণা কৰা হৈছে এই নিৰ্দেশনা।

Image
হ্ৰাস হোৱা নাই কভিড, সেয়ে মুঠ ১৬ খনকৈ স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ। তিতাবৰত ঘোষণা কৰা হৈছে এই নিৰ্দেশনা। কভিডৰ ভয়াবহ সংক্ৰমণৰ বাবে সম্প্ৰতি তিতাবৰত স্বাস্থ্য বিভাগ আৰু মহকুমা প্ৰশাসনে মুঠ ১৬ টাকৈ স্থানক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি কভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। পুৱাই তিতাবৰ নগৰৰ চাৰিআলি অঞ্চলৰ হৰিজন কলনীক প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে। বৃহত্তৰ অঞ্চলটোত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে চেনিটাইজেশ্যন কৰিছে। ৰাইজ আৰু প্ৰশাসনৰ সজাগ-সচেতনতাৰ বাবে শেহতীয়াকৈ তিতাবৰত কভিডত আক্ৰান্তৰ সংখ্যা কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও দৈনিক কভিডত বিভিন্নজন লোক আক্ৰান্ত হৈ আছে বুলি মহকুমা প্ৰশাসনৰ পৰা জানিব পৰা গৈছে।

হিংসা কৰা মানুহ চিনি পাবলৈ তিনিটা TIPS !!

Image
আপোনাক কোন মানুহে হিংসা কৰে জানিবলৈ তিনিটা TIPS !!    সদায় প্ৰমাণিত হৈ আহিছে যে আপোনাৰ বিষয়ে নজনা আপোনাক চিনি নোপোৱা মানুহ জনে কেতিয়াও হিংসা নকৰে বা আপোনাৰ বেয়া কামনা নকৰে। আপোনাক হিংসা কৰে সেইজন লোকে যিজন আপোনাৰ আত্মীয় কুটুম্ব হয় বা ওচৰ চুবুৰীয়া হয় নাইবা আপোনাৰ লগৰ হয় বা আপোনাৰ বন্ধু বা সহকৰ্মী বা প্ৰতিবেশী হয়। সেয়ে আপুনিও এই বিষাক্ত লোক সমুহক মনে মনে জানি থওঁক।   প্ৰথমতে জানিব সকলো মানুহে নিজৰ প্ৰশংসা বেলেগ ৰ মুখত শুনি ভাল পায়। ই মানুহৰ সহজাত প্রবৃত্তি। কিবা ভাল কাম কৰিলে মানুহে আপোনাক প্ৰসংশা কৰিব সঁচা। কিন্তু যদিহে কোনো কাৰণ নোহোৱাকৈ যদি কোনোবাই আপোনাক প্ৰশংসা কৰিছে জানিব নিশ্চয় কিবা কিন্তু আছে। বুজি লব যে তেওঁ কিবা ব্যক্তিগত স্বাৰ্থৰ বাবেহে এইটো কৰিছে বা তেওঁৰ অংক বেলেগত। বুজিব যে এই প্ৰসংশা কোনো প্ৰশংসা নহৈ আপোনাক কৰা তাচ্ছিল্য হে। এই লোকৰ মুখত মিঠা হাঁহি থাকিলেও মনত আপোনাৰ প্ৰতি বিষ সাঁচি ৰাখে। এনে লোকে কিন্তু আপোনাৰ সফলতাত কেতিয়াও আনন্দিত নহয় আৰু অইন লোকেও আপোনাক প্ৰশংসা কৰাটো সহিব নোৱাৰে। এনে বিষাক্ত লোকক চিনি থব।     দ্বিতীয়তে, আপোনাৰ ওচৰে পাজৰে বা নিজৰ আত্মীয় ৰ

মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ পূৰ্বে সমবায় মন্ত্ৰালয় গঠন "সৰকাৰ চে সমৃদ্ধি" দৃষ্টিভংগী আগত ৰাখি আগবঢ়াই নিয়া হ'ব বিভাগটো

Image
AssamLive24:: মোডী কেবিনেটৰ  সম্প্ৰসাৰণ হোৱাৰ পূৰ্বেই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মঙলবাৰে নতুনকৈ সমবায় মন্ত্ৰালয় (Ministry of Cooperation)গঠনৰ কথা ঘোষণা কৰে মোদী মন্ত্ৰীসভাই । দেশত সমবায় আন্দোলন শক্তিশালী কৰাৰ লক্ষ্যৰে এক পৃথক প্ৰশাসনিক, নীতিগত পৰিকাঠামোৰে গঠন কৰা হ'ব এই মন্ত্ৰালয়। তথ্য অনুসৰি নতুন মন্ত্ৰালয়ে "সহকাৰ চে সমৃদ্ধি" (সমবায়ৰ পৰা সমৃদ্ধিলৈ) দৃষ্টিভংগী আগত ৰাখি বিভাগটোৰ বিভিন্ন কাম-কাজসমূহ আগবঢ়াই নিব। উল্লেখ্য যে, এক সমবায় অৰ্থনৈতিক বিকাশৰ আৰ্হি ভাৰতত বৰ্তমান সময়ত অতি প্ৰাসংগিক হৈ পৰিছে। ইয়াৰ জৰিয়তে প্ৰতিজন সদস্যই অতি দায়িত্ব সহকাৰে নিজৰ বিভাগীয় কাম-কাজ সম্পাদন কৰিব বুলি আশাবাদী কেন্দ্ৰীয় চৰকাৰ। নতুন মন্ত্ৰালয়ে সমবায়সমূহৰ বাবে ব্যৱসায় কৰাৰ ক্ষেত্ৰত অধিক সহায় তথা সুবিধা কৰাৰ লগতে বহু-ৰাজ্যিক সমবায়ৰ বিকাশৰ প্ৰক্ৰিয়াও সুশৃংখল কৰাৰ বাবে কাম কৰিব। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোদী চৰকাৰৰ এই পদক্ষেপক প্ৰশংসা কৰি টুইটযোগে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তই চৰকাৰক সমবায় মন্ত্ৰালয় গঠনৰ লগতে ইয়াৰ কাম-কাজসমূহ আগবঢ়াই ন