Posts

Showing posts from June, 2021

কাৰাগাৰত ধৰ্মান্তকৰণ এজন ব্যক্তি

Image
  AssamLive24::  কাৰাগাৰত ধৰ্ম সলনি কৰি পুনৰ কাৰাবাসৰ দিশে এগৰাকী কাৰবন্দী। কাৰাবন্দী উত্তৰ প্ৰদেশৰ তাৰাচান্দে বন্ধ কোঠৰীতেই সলনি কৰিছিল নিজৰ ধৰ্ম। হত্যাকাণ্ডৰ অভিযোগত কাৰাবাস খাটিছিল ব্যক্তিগৰাকীয়ে। পত্নীৰ অবৈধ প্ৰেমিকক হত্যা কৰি ৪২ মাহ জেলত কটাবলগীয়া হৈছিল তাৰাচান্দে। সুদীৰ্ঘ ৪২ মাহৰ অন্তত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল যদিও ধৰ্মান্তৰকৰণৰ অভিযোগত অন্য এক গোচৰ ৰুজু হয় তাৰাচান্দৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, উত্তৰ প্ৰদেশৰ মৌখাচ গাঁৱৰ তাৰাচন্দ প্ৰকৃততে হিন্দু ধৰ্মৰ ব্যক্তি। কিন্তু কাৰাবন্দী অৱস্থাতেই ইছলাম ধৰ্ম গ্ৰহণ কৰি নামাজ পঢ়িবলৈ লয় ব্যক্তিগৰাকীয়ে। ধৰ্মান্তৰকৰণৰ পাছত নিজৰ দাড়ি দীঘল কৰে তাৰাচন্দে। কাৰামুক্ত হোৱাৰ পাছত পোহৰলৈ আহে এই কথা। ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। সম্প্ৰতি তাৰাচান্দক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। নামাজ পঢ়াৰ উপৰিও হিন্দু দেৱ-দেৱীকো পূজা অৰ্চনা আগবঢ়ায় ব্যক্তিগৰাকীয়ে। তাৰাচান্দ ঘৰলৈ ঘূৰি অহাৰ পাছত যেতিয়া নামাজ পঢ়িবলৈ লয় আচম্বিত পৰিয়াল তথা অঞ্চলবাসীয়ে ইয়াৰ বিৰোধীতা কৰাৰ লগতে ধৰ্মান্তৰকৰণৰ অভিযোগত গোচৰ

সোমবাৰৰ পৰা চাৰিখন জিলাত সম্পূৰ্ণ ‘লকডাউন’ ঘোষণা ৰাজ্য চৰকাৰৰ, ক’ত ক’ত সবিশেষ পঢ়ক আৰু জানি লওঁক....!

Image
সোমবাৰৰ পৰা চাৰিখন জিলাত সম্পূৰ্ণ ‘লকডাউন’ ঘোষণা ৰাজ্য চৰকাৰৰ, ক’ত ক’ত সবিশেষ পঢ়ক – ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি সন্দৰ্ভৰ প্ৰতি লক্ষ্য ৰাখি আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে। ক’ভিড পৰিস্থিতি উন্নত নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা, বিশ্বনাথ, মৰিগাঁও জিলাক সম্পূৰ্ণ কনটেইনমেণ্ট ঘোষণা কৰে। ইয়াৰ উপৰি গোলাঘাট জিলাৰ বোকাখাত মহকুমাকো সম্পূৰ্ণ কনটেইনমেণ্ট ঘোষণা কৰে ৰাজ্য চৰকাৰে। এই তিনিখন জিলাৰ লগতে বোকাখাত মহকুমাত অহা সোমবাৰৰ পৰা এসপ্তাহলৈ এই নিৰ্দেশনা প্ৰযোজ্য হ’ব। কনটেইনমেণ্ট ঘোষণা কৰা জিলা আৰু অঞ্চলটোত জৰুৰীকালীন সেৱা অব্যাহত থকাৰ উপৰি গ্ৰোচাৰি দোকান সমূহ বিয়লি ৫ বজালৈ খোলা ৰাখিব পাৰিব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা অনুসৰি দহজনতকৈ অধিক আক্ৰান্ত থকা ৰাজ্যৰ ২৪৭ টা অঞ্চলত সম্পূৰ্ণ কনটেইনমেণ্ট জাৰি কৰা হ’ব। তদুপৰি ৪৫৮১ টা অঞ্চল সম্পূৰ্ণৰূপে নিৰীক্ষণত ৰাখিব। উল্লেখ্য যে আজি কৰ’ণা পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ উপায়ুক্তসকলৰ লগত এক দীঘলীয়া বৈঠকত মিলিত হৈছিল। এই বৈঠকৰ পি

শিক্ষকতাৰ বৃত্তিত কালিমা, লম্পট টেট্ শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী…

Image
শিক্ষকতাৰ বৃত্তিত কালিমা সানিলে এগৰাকী টেট্ শিক্ষকে। নগৰবেৰাৰ ৩ নং উত্তৰ ৰাঙ্গাপানীত সংঘটিত হৈছে এই জঘন্য কাণ্ড। বাহাৰুল ইছলাম নামৰ এগৰাকী শিক্ষকে প্ৰথমে এখন বেচৰকাৰী শিক্ষানুষ্ঠানত শিক্ষকতা কৰি থকা অৱস্থাতেই প্ৰেমৰ জাঁলত পেলাইছিল এইগৰাকী সহকৰ্মী শিক্ষয়িত্ৰীক। প্ৰথমে প্ৰেম আৰু পাছলৈ চলাহী কথাৰে বিভিন্ন প্ৰতিশ্ৰুতি দি যুৱতী গৰাকীৰ সতে প্ৰেমিক বাহাৰুলে একাধিকবাৰ স্থাপন কৰিছিল শাৰীৰিক সম্পৰ্কও। পাছলৈ বাহাৰুল ইছলামে টেট শিক্ষক হিচাপে নিযুক্তি পাই অইন ঠাইলৈ যায় আৰু প্ৰেয়সীক অৱজ্ঞা কৰিবলৈ লয় ,এনেকি বিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিও বাহাৰুল ইছলামে মাৰিলে পাভলুটি। শেহতীয়াভাৱে টেট শিক্ষক গৰাকীয়ে পুনৰ প্ৰেয়সীৰ কাষলৈ গৈ পৰিকল্পনা কৰি নিজ গৃহলৈ নি উপৰ্যুপৰি যৌন সম্পৰ্ক স্থাপন কৰি পলায়ন কৰে, পাছলৈ বাহাৰুলৰ পৰিয়ালৰ লোকে যুৱতী গৰাকীক মাৰধৰ কৰি এঠাইত অকলে এৰি থৈ যোৱাত বিমোৰত পৰে যুৱতী গৰাকী। সম্প্ৰতি শিক্ষক প্ৰেমিকৰ উৱাদিহ নাপাইহে শ’লঠেকত পৰিছে যুৱতী গৰাকী ,ইতিমধ্যে ন্যায় বিচাৰি নগৰবেৰা আৰক্ষী থানাত শিক্ষক গৰাকীৰ বিৰুদ্ধে এক এজাহাৰো দাখিল কৰিছে প্ৰৱঞ্চিতা যুৱতী গৰাকীয়ে। প্ৰশ্ন হয়, আৰক্ষীৰ হাতোৰা