পৃথিৱীৰাজ দেৱ নাৰায়ণ মেচ আৰু তাৰ সংগী থুলুংগা বড়ো দুজন Paid Political ভণ্ডঃ মোছাব্বিৰুল হক
BTC Region ৰ দীৰ্ঘদিনীয়া উগ্ৰপন্থী সমস্যা বিটিআৰ চুক্তিৰ জৰিয়তে চলিত বৰ্ষৰ ২৭ জানুৱাৰীত বিটিআৰ চুক্তিৰ জৰিয়তে সমাপ্ত হৈছে। উগ্ৰপন্থী সমস্যাৰ লগতে আন এক ভয়ংকৰ সমস্যা আছিল ইয়াত গোষ্ঠীৰ নামত জাতি—জনগোষ্ঠীৰ নামত বিভাজন কৰি কৰা ৰাজনীতি। এটা জনগোষ্ঠীৰ বিৰুদ্ধে আনটো জনগোষ্ঠীক উচটনি দি সদায় অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি ৰখা ৰাজনীতি। কিছুমান দল তথা ব্যক্তিৰ একমাত্ৰ ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্য এইবোৰ কু কীৰ্তিবোৰ দীৰ্ঘদিনৰপৰা কৰি থকা হৈছে। এইবোৰ কৰি শাসকীয় বা নিৰ্বাচিত প্ৰতিনিধি সকলে জনতাৰ নামত আৱন্টিত উন্নয়নৰ ধন অবাধ পৰিমাণে শৰাধ কৰি গৈছে। বংশই বংশৰ বিৰুদ্ধে যুঁজত ব্যস্ত ৰাখি পুনৰ এই একেই কৌশলৰে ক্ষমতা দখলৰ চেষ্টা কৰা হৈছে। সোঁতৰ বছৰীয়া বিপিএফ চৰকাৰৰ অভিলেখ সংখ্যক দুৰ্নীতি,অপশাসন, দুখীয়া ৰাইজক কৰা শোষণ, প্ৰৱঞ্চনা আদিবোৰ নিৰ্বাচনৰ আগত পাহৰাই ৰাখিব বিচৰা হৈছে। যাৰ কাৰণে ব্যাপক ধনৰ টোপোলাৰে একাংশ ৰাজনৈতিক ব্যৱসায়ীক মেনেজ কৰি পুনৰাই বড়ো–অবড়ো আদিৰ নামত বিভাজনৰ ৰাজনীতি কৰিবলৈ পথাৰত নমাই দিছে। দীৰ্ঘদিনৰ মুৰত ঘুৰি অহা শান্তি স্থায়ী হবলৈ বাধাৰ প্ৰাচীৰ হৈ পৰিছে। আজি আমি এনে এক বিষয়ত